আল্লু আৰ্জুনৰ ছিকুৱেল চিনেমা পুস্পা-২ৱে বক্স অফিছত ৰেকৰ্ড ভংগকাৰী সাফল্য লাভ কৰাৰ পাছত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এনে সময়তে আল্লু অৰ্জুনে ৰঙা বসন পৰিধান কৰি পৰিয়াল-সন্তানৰ সৈতে শিৱ মন্দিৰ দৰ্শন কৰাবলৈ যোৱা বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাকাৰীৰ মতে পুস্পা-২ৰ অভূতপূৰ্ব সাফল্যৰ পাছত তাৰকাজনে এই সাফল্যৰ বাবে মন্দিৰলৈ গৈ পূজা কৰিবলৈ গৈছিল। ভাইৰেল পোষ্ট টোত ইয়াকো দাবী কৰা হৈছে যে আল্লু অৰ্জুনে এটা বিখ্যাত সুৰা প্ৰতিষ্ঠানৰ সৈতে ১০ কোটি টকাৰ চুক্তিও প্ৰত্যাখ্য়ান কৰিছিল।
পোষ্টটোৰ কেপচনত আছে: “পুস্পা-২ৰ সাফল্যৰ পাছত আল্লু অৰ্জুনে সুৰা প্ৰতিষ্ঠান এটাৰ ১০ কোটি টকীয়া চুক্তি প্ৰত্যাখ্যান কৰি পৰিয়ালৰ সৈতে শিৱ মন্দিৰ দৰ্শন কৰিবলৈ গৈছে। এয়া প্ৰশংসাৰ যোগ্য নহয়নে?”
একে ধৰণৰ পোষ্ট ইয়াত, ইয়াত আৰু ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০১৭ৰ ৬ ফেব্ৰুৱাৰীত ইণ্টাৰনেচনেল ৱিজনেছ টাইমছ (IBT) ত প্ৰচাৰিত এটা বাতৰিত এনে ধৰণৰ বহুকেইখন ফটো লাভ কৰিলে। তাৰ শিৰোনামত আছিল : আল্লু অৰ্জুনে তেওঁৰ পৰিয়াল- স্নেহা, আৰয়ান আৰু আৰ্হাৰ সৈতে তিৰুপতি দৰ্শনলৈ গৈছে
বাতৰিটোৰ মতে ভাইৰেল ফটোন ২০১৭ৰেই, ফটোখন আল্লু অৰ্জুন পৰিয়ালসহ তিৰুপতি দৰ্শনৰ সময়ত লোৱা হৈছিল।
২০১৭ৰ ৬ ফেব্ৰুৱাৰীত আল্লু অৰ্জুন তিৰুপতিলে যোৱা খবৰটো তেলেগু ভাষাৰ বিখ্যাত টিভি চেনেলসহ প্ৰায়বোৰ স্থানীয় সংবাদ মাধ্যমেই পৰিবেশন কৰিছিল। February 6, 2017.
ভিডিওৰ বিৱৰণিত আছে: “আল্লু অৰ্জন আৰু তেওঁৰ পত্নী স্নেহা ৰেড্ডি তেওঁৰ পিতৃ-মাতৃৰ সৈতে তিৰুপতি দৰ্শনৰ বাবে গৈছে। আল্লু অৰ্জুনৰ সন্তান আয়ান আৰু আৰহাকো লগত দেখা গৈছে!”
V6 News Telugu ৰ ইউটিউব চেনেলতো আন এটা ভিডিও দেখা গ’ল, তাতো আল্লু অৰ্জুনে পৰিয়ালসহ তিৰুপতি দৰ্শনৰ বাবে যোৱা কথাটো স্পষ্ট হয়।
তলত ফটোখনৰ ৰিজনি দিয়া হ’ল:
আল্লু অৰ্জুনে পুস্পা-২ৰ মুক্তিৰ পাছত সুৰা প্ৰতিষ্ঠানৰ ১০ কোটি টকাৰ চুক্তি নাকচ কৰা সন্দৰ্ভত জানিবলৈ মূল শব্দ প্ৰয়োগ কৰি অনুসন্ধান কৰাত আমি Hindustan Times, Free Press Journal, News 18, Aaj Tak আৰু Indulge Expressকে ধৰি কেইবাটাও সংবাদ প্ৰতিষ্ঠানে ১৬ ডিচেম্বৰ ২০২৩ত প্ৰচাৰ কৰা বাতৰি লাভ কৰিলো।
এই বাতৰিত প্ৰকাশ কৰা অনুসৰি অভিনেতাজনে পুস্পা-ৰ লোগোত এটা সুৰা প্ৰতিষ্ঠান আৰু এটা পান মচলাৰ প্ৰতিষ্ঠানৰ ফটো সংলগ্ন কৰাৰ অনুমতি বিচাৰিছিল, যিহেতু ছবিখনত তেওঁ সেয়া খোৱা দেখুওৱা হৈছিল। কিন্তু তেওঁ সেইবোৰ দ্ব্য সোবন কৰি “অসুবিধাৰহে” সন্মুখীন হোৱা বুলি প্ৰকাশ কৰি প্ৰতিষ্ঠানটোৰ অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।
আল্লু অৰ্জুনে সুৰা ৱা পান মচলা প্ৰতিষ্ঠানৰ অনুৰোধ প্ৰত্যাখ্যান কৰাৰ ঘটনা এয়াই প্ৰথম নাছিল। পুস্পা: দ্য ৰাইজ ৰ পাছতো এটা পান- বিজ্ঞাপনৰ বাবে মচলা প্ৰতিষ্ঠানৰ কৰা অনুৰোধ প্ৰত্যাখ্যান কৰিছিল।
এনেদৰেই স্প,্ট হয়, ২০১৭ চনৰেই এখন ফটো ভুৱা দাবীৰে প্ৰচাৰ কৰাৰ কথাটোস্প,্টহয়।