এটা প্ৰকাণ্ড অট্টালিকাৰ এখন ফটোসহ এটা পোষ্ট সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে আমেৰিকাই বিশ্বৰ সৰ্ববৃহত্ গ্ৰন্থাগাৰটো ডঃ বিআৰ আম্বেদকাৰৰ নামত মুকলি কৰিছে।
হিন্দীতে লিখা পোষ্টটোত আছে: “ভাৰতৰ মনিষী ডঃ বি আৰ আম্বেদকাৰৰ নামত আমেৰিকাত বিশ্বৰ সৰ্ববৃহত্ গ্ৰন্থাগাৰ। নমস্কাৰ আমেৰিকা, জয় ভীম, জয় ভাৰত, জয় সংবধান।
ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ৰিবাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত আমাৰ দলে ২০১৭ৰ ২২ নৱেম্বৰত চিএনএনত প্ৰচাৰিত এটা বাতৰিত এই ফটোখন দেখা পালে।
CNNৰ বাতৰিটো অনুসৰি এই ফটোখন আচলতে চীনৰ তিয়ানজিনৰ বিনহাই গ্ৰান্থাগাৰ।
কেইবাটাও বাতৰিয়ে এই ফটোখন তিয়ানজিনৰ বিনহাই পৌৰনিগমে পৰিচালনা কৰা গ্ৰন্থাগাৰৰ ফটো বুলি প্ৰমাণ কৰে। ই তিয়ানজিন জিলাৰ সাংস্কৃতিক কেন্দ্ৰ বিনহাইত অৱস্থিত। উল্লেখ্য যে গ্ৰন্থাগাৰটো অবিস্বাস্য ভাবে মাত্ৰ তিনি বছৰৰ ভিতৰতে স্থানীয় পৌৰ নিগমে নিৰ্মাণ কৰি উলিয়াইছিল।(এই বাতৰিসমূহ ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।) কোন বাতৰিতেই গ্ৰন্থাগাৰটো আম্বেদকাৰৰ সন্মানৰ্থে নিৰ্মিত বা নামত মুকলি কৰা বুলি উল্লেখ নাই।
এই তথ্যৰ দ্বাৰাই আমেৰিকাই বিশ্বৰ সৰ্ববৃহত্ গ্ৰন্থাগাৰটো ডঃ বি আৰ আম্বেদকাৰৰ নামত মুকলি কৰা বুলি প্ৰচাৰ কৰা পোষ্টটো ভুৱা বুলি প্ৰমাণিত হ’ল।