দুধৰ্ষ মাফিয়া, পৰৱৰ্তী সময়ত ৰাজনৈতিক নেতালৈ পৰিণত হোৱা আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰফ আহমেদক অলপতে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আৰক্ষীৰ সন্মুখতে শূন্য দুৰত্বৰ পৰা গুলীয়াই হত্যা কৰা হয়। এনে ঘটনাৰ সময়তে এই হত্যাকাণ্ড সন্দৰ্ভৰ একাংশ ভুৱা বাতৰিৰ অসত্যতা দাবী কৰি এটা টুইট প্ৰচাৰ হৈছে।
টুইটটোত আতিকক হত্যা কৰি হত্যাকাৰীয়ে “জয় শ্ৰীৰাম ধ্বনী” দিয়া বুলি কৰা দাবী অসত্য বুলি কোৱা হৈছে যে এয়া ভুৱা আৰু হত্যাকাৰীয়ে কোনো ধৰণৰ ধ্বনী দিয়া নাছিলষ
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল পোষ্টটো প্ৰচাৰ কৰি কেপচনত লিখিছে-
ভুৱা বাতৰিৰ সাৱধানবানী –
আতিকৰ হত্যাকাৰীয়ে জয় শ্ৰীৰাম দ্বনী দিয়া বুলি বহু লোকে দাবী কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে।
সাৱধান, হত্যাকাৰীয়ে কোনো শ্ল’গান দিয়া নাছিল
পোশ্টটো ইয়াত চাব পাৰিব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো বিভ্ৰান্তিকৰ বুলি প্ৰতিপন্ন হয়।
সমাৰ্থক শব্দ প্ৰয়োগেৰে আণি গুগলত অনুসন্ধান কৰাত আমি দ্য কুইণ্টৰ সাংবাদিক পিযুষ ৰাইৰ এটা টুইট দেখা পালো। পিযুষে আতিক আৰু তেওঁৰ ভাতৃৰ হত্যাৰ সম্পূৰ্ণ ভিডিওটো তাত প্ৰচাৰ কৰিছিল। ভিডিওটোৰ ০০.১৭ ছেকেণ্ডত হত্যাকাৰীয়ে হত্যাৰ পাছত ধৰ্মীয় ধ্বনী দিয়া আমি স্পষ্টকৈ শুনিব পাও।
আৰু অধিক অনুসন্ধানত আমি ২০২৩ৰ ১৬ এপ্ৰিলত দ্য হিন্দুস্তান টাইমছত প্ৰকাশিত এটা বাতৰি পালো। বাতৰিটোৰ শিৰোনাম আছিল আতিক আহমেদৰ হত্যাকাৰীয়ে জয় শ্ৰীৰাম দ্বনী দিছিল। বাতৰিটোত উল্লেখ আছিল যে দুয়োকে হত্যা কৰাৰ পাছত হত্যাকাৰীয়ে জয় শ্ৰীৰাম ধ্বনী দিছিল।
আমি হিন্দুস্তান টাইমছৰ ইউটিউব চেনেলতো একে ধৰণৰ ভিডিও বাতৰি লাভ কৰিলো। ইয়াতো আতিক আৰু তেওঁৰ ভাতৃক হত্যাৰ পাছত হত্যাকাৰীয়ে ধৰ্মীয় শ্লগীন দিছিল।
সেয়ে ভাইৰেল স্ক্ৰীণশ্বটত দাবী কৰাৰ দৰে আতিক আহমেদৰ হত্যাকাৰীয়ে কোনো ধৰণৰ ধৰ্মীয় শ্ল’গান দিয়া নাছিল বুলি কৰা দাবী অসত্য।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।