দিল্লীৰ ভূতপূৰ্ব মুখ্যমন্ত্ৰী আৰু আাম আদমী পাৰ্টি (AAP)-ৰ নেতা অৰবিন্দ কেজৰিৱালৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিওটোত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰশংসা কৰিছে বুলি দাবী কৰা হৈছে। ভিডিঅ’ ক্লিপটোৱাত কেজৰিৱালক কোৱা শুনা গৈছে যে তেওঁ কেৱল এজন অনুৰাগীয়েই নহয়, প্ৰধানমন্ত্ৰী মোদীৰ ‘ভক্ত’ও। লগতে তেওঁ কয় যে মোদীৰ জীৱনগাঁথাই তেওঁৰ বাবে অনুপ্ৰেৰণা।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাল পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ ছাৰ্চত দিয়াত নিউজম’বাইলৰ তদন্তত এই ক্লিপটোৰ মূল, সম্পূৰ্ণ সংস্কৰণ আম আদমী পাৰ্টীৰ নিজা ইউটিউব চেনেলত পোৱা গৈছে। এই ক্লিপটো ১৯ ডিচেম্বৰ, ২০২৪ তাৰিখে আপল’ড কৰা হৈছিল।
সুক্ষ্মভাবে পৰ্যালোচনা কৰাত দেখা গ’ল ১৫ মিনিট ৪৭ ছেকেণ্ড দৈৰ্ঘ্যৰ সম্পূৰ্ণ ভিডিঅ’টোৰ ৩ মিনিট ৫ ছেকেণ্ডত এই ক্লিপটো দেখা যায়।
মূল ভিডিঅ’ত কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীৰ সন্দৰ্ভত কোনো কথাই উল্লেখ কৰা নাই। তাৰ বিপৰীতে, ২০২৪ চনত গৃহমন্ত্ৰী অমিত শ্বাহৰ মন্তব্যৰ উত্তৰ দিওঁতে তেওঁ ড॰ বি. আৰ. আম্বেদকাৰক উল্লেখ কৰিছিল। ৰাজ্যসভাত অমিত শ্বাহে কৈছিল যে আম্বেদকাৰৰ নাম লোৱাটো এতিয়া “ফেশ্বন” হৈ পৰিছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া জনাই কেজৰিৱালে কৈছিল যে তেওঁৰ বাবে ড॰ বি. আৰ. আম্বেদকাৰেই প্ৰেৰক ব্যক্তিত্ব আৰু তেওঁ আম্বেদকাৰৰ আদৰ্শৰ অনুৰাগী।
আমাৰ তদন্তত প্ৰকাশ পোৱা অনুসৰি ভাইৰেল ভিডিঅ’টো অডিঅ’ ক্ল’নিং প্ৰযুক্তিৰে সাল-সলনি ঘটোৱা হৈছে, য’ত “মোদী” শব্দটো কেজৰিৱালৰ ভাষণত ডিজিটেলভাৱে সংলগ্ন কৰি দিয়া হৈছে। মূল ভিডিঅ’ত কেজৰিৱালে নিজকে প্ৰধানমন্ত্ৰী মোদীৰ ভক্ত বুলি কোৱা কোনো প্ৰমাণ নাই।
এন ডি টিভি আৰু দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ-ৰ ২১ ডিচেম্বৰ, ২০২৪ তাৰিখৰ খবৰ অনুযায়ী, আম্বেদকাৰৰ নাম লৈ সৃষ্টি হোৱা বিতৰ্কৰ পটভূমিত কেজৰিৱালে দলিত শিক্ষাৰ্থীৰ বাবে এটা বৃত্তি যোজনা ঘোষণা কৰিছিল।

এনেদৰেই অৰবিন্দ কেজৰিৱালে প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা কৰিছে বুলি দাবী কৰা ভাইৰেল ভিডিঅ’টো ডিজিটেলভাৱে সম্পাদিত কৰা বুলি প্ৰমাণ হয়।
