সত্যতা নিৰূপণ : অসামঞ্জস্য ফটো এখন ভুৱা দাবীৰে আফগান মন্ত্রী মুতাক্কীৰ দিল্লীৰ সংবাদ-মেলৰ সৈতে জড়িত কৰা হৈছে

0 1,203

একাংশ মহিলা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি থকা এখন ফটো সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে। দাবী কৰা হৈছে যে এই মহিলাসকল ২০২৫ চনৰ ১০ অক্টোবৰ তাৰিখে নতুন দিল্লীৰ আফগান দূতাবাসত আয়োজিত আফগানিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী আমিৰ খান মুতাক্কীৰ সংবাদ-মেলত উপস্থিত আছিল।

মুতাক্কীৰ সংবাদ-মেল সম্পৰ্কীয় সমালোচনাৰ চলি থকাৰ মাজতেই এই দাবী সন্নিবিষ্ট পোষ্টটো ভাইৰেল হৈছে। এই অনুষ্ঠানৰ ছবিসমূহত কোনো মহিলা সাংবাদিকক দেখা নোপোৱাৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিশেষকৈ তালিবান-নেতৃত্বাধীন চৰকাৰৰ মহিলাৰ অধিকাৰ সম্পৰ্কীয় আচৰণৰ প্ৰেক্ষাপটত।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ফটোখন পোষ্ট কৰি  বৰ্ণনাত লিখিছে: আজিৰ আফগান বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ সংবাদমেলত মহিলা সাংবাদিক যে উপস্থিত আছিল সেয়া প্ৰমাণ হ’ল। ফটোবোৰ চাওক আৰু হিচাপ কৰক, কিমান মহিলা আছে… মই ৮-১০ গৰাকী দেখিছোঁ। কিন্তু আমাৰ বিৰোধী পক্ষই মোদীৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰোগত ভুগিছে।

ওপৰৰ পোষ্টটো ইয়াত পাব।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত নিউজ মোবাইলে বিবেকানন্দ ইণ্টাৰনেচনেল ফাউণ্ডেছন-ৰ নিজা X একাউণ্টত মুতাক্কীৰ সৈতে হোৱা এটা পৃথক অনুষ্ঠানৰ কেইবাখনো ফটো দেখা পায়, ইয়াৰ মাজত ভাইৰেল ফটোখনো অন্তৰ্ভুক্ত আছিল।

এই প’ষ্টটোত উল্লেখ কৰা অনুসৰি VIFৰ অনুষ্ঠানত দুখন দেশৰ মাজত থকা গভীৰ অৰ্থনৈতিক, ঐতিহাসিক, সাংস্কৃতিক আৰু সভ্যতাসম্পৰ্কীয় বিষয়ক প্ৰধান্য দিয়া হৈছে। ইয়েই নিশ্চিত কৰিছে যে ফটোখন আফগান দূতাবাসত অনুষ্ঠিত সংবাদ-মেলৰ নহয়, বৰং VIFৰ অনুষ্ঠানৰ।

মধ্যমাম  নামৰ এটা মালায়ালম সংবাদমাধ্যমেও ফটোখন VIFৰ অনুষ্ঠানৰ বুলি নিশ্চিত কৰিছে।

ইয়াৰোপৰি আফগান বিদেশ মন্ত্ৰালয় চৰকাৰী X একাউণ্টতো নতুন দিল্লীৰ ১০ অক্টোৱৰৰ সংবাদ মেলত কোনো মহিলা সাংবাদিক উপস্থিত নাছিল বুলি প্ৰকাশ কৰিছে।

বিভিন্ন মাধ্যমত কটু সমালোচনাৰ পাছত মুতাক্কীয়ে পাছত অনুষ্ঠানত মহিলাসকলৰ অনুপস্থিতিৰ এটা “এৰাব নোৱাৰা (প্ৰযুক্তিগত) সমস্যা আছিল বুলি স্পষ্টীকৰণ দিয়ে।

লগতে, বিভিন্ন সংবাদ মাধ্যমত উল্লেখ কৰা হৈছে যে যিহেতু অনুষ্ঠানটো আফগান দূতাবাসৰ দ্বাৰাই আয়োজিত হৈছিল সেয়ে অনুষ্ঠানটোৰ আয়োজনত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্রালয়ে কোনো ভূমিকা লোৱা নাছিল, ।

এই সমস্যাৰ সমাধানৰ বাবে মুতাক্কীয়ে ১২ অক্টোবৰত মহিলা সাংবাদিকসকলক নিমন্ত্ৰণ দি দ্বিতীয়খন সংবাদ মেলৰ আয়োজন কৰে।

এনেদৰেই নিশ্চিতভাৱে হয় যে আফগান দূতাবাসত বিদেশ ষ্ট্ৰমন্ত্ৰী মুতাক্কীৰ সংবাদ-মেলত মহিলা উপস্থিত আছিল বুলি দাবী কৰা ভাইৰেল প’ষ্টটো সম্পূৰ্ণভাৱে ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799