কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এখন জন সমাৰোহত ভাষণ দি থকা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে ভাষণত অমিত শ্বাহে ঝাৰখণ্ড মুক্তি মৰ্চা (JMM)ৰ নেতা আৰু পাছলৈ বিজেপিত যোগ দিয়া ছাম্পাই শোৰেণক অশোভনীয় ভাবে সম্বোধন কৰি ঠাট্টা কৰা বুলি দাবী কৰা হৈছে।
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ দলে ২০২৪ৰ ৩ নৱেম্বৰত ৰিপাব্লিক ৱৰ্ল্ডত প্ৰচাৰিত এটা ভিডিও দেখা পালে। তাৰ শিৰোনামত আছে “আগে আও…”: অমিত শ্বাহে বাবুলাল মাৰান্দীক মঞ্চৰ আগলৈ যোৱাৰ বাবে আহ্বান জনাইছে। ভিডিওটোৰ ফুটেজৰ সৈতে ভাইৰেল ক্লিপটোৰ মিল আছে।
এই ভিডিওটোত শ্বাহে ছাম্পাই শোৰোণক চিনাকি কৰাই দি মঞ্চৰ আগলৈ যাবলৈ আহ্ৱান জনাই “আগে আও…” বুলি কৈছে। উল্লেখ্য যে শ্বাহে সন্মানসূচক ভাবেই তেওঁক “ছাম্পাইজী” বুলি সম্বোধন কৰিছে।
ইয়াৰোপৰি আমি ৩ নৱেম্বৰ ২০২৪ অনুষ্ঠানটোৰ সম্পূৰ্ণ ভিডিও ইউটিউবত লাভ কৰিলো। ভিডিওটোৰ ২২.২০ মিনিটৰ অংশটোত অমিত শ্বাহে স্পষ্টকৈ অতি সন্মানেৰে শোৰেণক মঞ্চলৈ উঠি যাবলৈ আহ্বান জনাইছিল। কথাত কোনো অপমানসূচক ভাবৰ ইংগিতো নাছিল।
এনেদৰেই প্ৰমাণ হয় যে অমিত শ্বাহে ছাম্পাই শোৰেণক অপমানসূচক ভাবে সম্বোধন কৰা বুলি দাবী কৰা পোষ্টটো অসত্য।