সত্যতা নিৰূপণ:এই ফটোখন ৰাছিয়াৰ ছাব মেৰিন সংঘৰ্ষৰ সময়ৰ বিস্ফোৰণৰ ফটো নেকি? সত্য জানিবলৈ পঢ়ক

0 3,307

ধোৱাৰে চৌপাশ আবৃত্ত এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ভিডিওটো ফ্ল’ৰিডাৰ পূব উপকূলৰ পৰা ৰাছিয়াৰ নৌসেনা বাহিনীৰ জাহাজ ওভতি যোবাৰ পাছতেই সংঘটিত হোৱা বিস্ফোৰণৰ ভিডিও।

১২ জুনৰ দিনা ফ্ল’ৰিডাৰ আটলাণ্টিক মহাসাগৰত মিছাইল অনুশীলন কৰাৰ অন্তত নৌসেনাৰ যুঁজাৰু জাহাজ, নিউক্লিয়াৰ শক্তিৰে পৰিচালিত ছাবমেৰিনসহ  ৰাছিয়াৰ যুদ্ধজাহাজ   কিউবাৰ হাৱানাত উপস্থিত হয়।  মাৰ্কিন যুক্তৰাষ্ট্ৰই এই জাহাজকেইখনৰ সঞ্চালনৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিছে যদিও কোনো আশংকাৰ কাৰণ নাই বুলি জনায়।

ফটোখনৰ সৈতে থকা কেপচনত আছে: “ৰাছিয়াৰ ছাবমেৰিনৰ সঞ্চালনৰ সময়তে ফ্ল’ৰিডাৰ পূৱ উপকূলত বিস্ফোৰণ।

ওপৰৰ  পোষ্ট.টোৰ লিংক (আৰ্কাইভ লিংক) ইয়াত আছে।

সত্যতা নিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ চাৰ্ছত অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে  ২০২৪ৰ এপ্ৰিলত আপলোড কৰা এটা টিক টক ভিডিও দেখা পালে। এই ভিডিওটোতো ভাইৰেল ভিডিওটোৰ দৰেই দৃশ্য দেখা গৈছিল, তাৰ কেপচনত লিখা আছ: নিউ স্মিয়ামা বীচ্চত বিস্ফোৰণ।

Google Street View ইমেজতো প্ৰকাশ পায়, যে এই টিকটক ভিডিওটো ফ্ল’ৰিডাৰ পূব উপকূলৰ  নিউ স্মিয়ামা বীচ্চত প্ৰস্তুত কৰা হৈছিল।

আমি গুগলতো অনুসন্ধান কৰিছিলো। কিন্তু ভাইৰেল পোষ্টটোত দাবী কৰা ধৰণে কোনো তথ্য লাভ নকৰিলো। তেনে কোনো ঘটনা সংঘটিত হোৱা হ’লে মূলসূতিৰ সংবাদমাধ্যমে নিশ্চয় প্ৰচাৰ কৰিলেহেঁতেন।

নিউ স্মিয়ামা বীচ্চৰ আৰক্ষী বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়া আৱা হানাৰে এই সন্দৰ্ভত   ৰয়টাৰক জনায়  : “ভিডিওত দেখা ধোৱা হ’ল বন্যপ্ৰাণী আশ্ৰয়স্থল মেৰিট দ্বীপৰ পৰা ওলোৱা ধোৱা। যদিও সেয়া নিউ স্মিয়ামা বীচ্চত ৰেকৰ্ড কৰা হৈছিল প্ৰকৃততে ধোৱাখিন ওলোৱা স্থান ব্ৰেৱাৰ্ড কাণ্ট্ৰীৰহে।

সএই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল পোষ্টৰ ফটোখন ভুৱা দাবীৰে প্ৰচাৰ কৰা হৈছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel