সত্যতা নিৰুপণ: এয়া নাগমণি ফুল নহয়। সত্য জানিবলৈ পঢ়ক

0 602

সামাজিক মাধ্যমত এখন বিশেষ ফটো বহুল ভাবে প্ৰচাৰ হৈছে। ফটোখন নাগমণি ফুলৰ ফটো বুলি দাবী কৰা হৈছে।

ফেচবুক পোষ্টটোত এই বুলি লিখা আছে: নাগমনি ফুল

১২ বছৰৰ মূৰত এবাৰ হে ফুলে

দেখা মাত্রকে শ্বেয়াৰ কৰিব মঙ্গল হ’ব

জয় মা মনসা

ওপৰৰ পোষ্টটোৰ লিংক ইয়া আছে

সত্যতা নিৰুপণ

নিউজ মোবাইলে কৰা অনুসন্ধানত পোষ্টটোত দাবী কৰা কথাখিনি অসত্য বুলি জানিব পৰা গৈছে। 

ফটোখনৰ ইতিহাস জানিবলৈ আৰু প্ৰকৃত সত্য উদঘাটনৰ বাবে ফটোখন ইমেজ ৰিভাৰ্ছ চাৰ্ছত দিয়া হ’ল। আমি এটা পিণ্টাৰেষ্ট লিংক পালো য’ত ছী পেন নামৰ এবিধ প্ৰবাল ৰত্নৰ ফটো দেখিলো।

তাৰ পাছত আমি  ফটোখন সন্দৰ্ভত অধিক অনুসন্ধান কৰিলো। ফটোখনৰ সৈতে জৰিত “ছী পেন” শব্দ ব্যৱহাৰ কৰি ইণ্টাৰনেটত বিচাৰিলো আৰু গৰ্ডন জে বওব্ৰিকে তোলা এখন ফটো দেখিলো। আমি ফটো.নেটত গৰ্ডনে ২০১৩ চনৰ ১৪ অক্টোবৰত আপলোড কৰা ফটোখন দেখিলো। ফটোখনৰ শিৰোনাম দিয়া আছিল “সাগৰৰ পাখি” (ছী ফিদাৰ)

মৰিয়াম ৱেবষ্টাৰৰ সুত্ৰ অনুসৰি ছী ফিদাৰ হ’ল “দেখিবলৈ এবিধ জৰ্জিৰিয়াৰ পতাকাৰ আকৃতিৰ, বিশেষকৈ ছী পেন বা প্ৰবাল ৰত্নৰ দৰে “

এনচাইক্লোপেডিয়া ব্ৰিটানিকাই ছী পেনক “সাগৰতলিত থকা ৩০০ৰো অধিক সমুদ্ৰ প্ৰাণী পেনাটুলেছিয়া প্ৰজাতিৰ অন্যতম বুলি কোৱা হৈছে। ই এন্থোযোৱা প্ৰজাতিৰ অন্তৰ্গত (phylum Cnidaria).”

ইয়ে প্ৰমাণ কৰে ফটোখন ছীপেনৰহে, কোনো ফুলৰ নহয়।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest News updates and viral videos on our AI-powered smart news