সমাজসেৱী, ৰাজ্য সভাৰ সাংসদ সুধা মুৰ্তিয়ে এটা বিশেষ বিনিয়োগ এপ সন্দৰ্ভত ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। অভিযোগ অনুসৰি প্ৰতিদিনে ২১ হাজাৰ টকা বিনিয়োগ কৰি ৩৫ হাজাৰ টকা লাভ কৰিব পাৰি বুলি তেওঁকৈছে। ভিডিওটোত সুধা মুৰ্তিয়ে ইনফ’চিছৰ সহ প্ৰতিষ্ঠাপক তেওঁৰ পতি নাৰায়ন মুৰ্তিৰ উপস্থিতত মঞ্চত কথা কৈ থকা দেখা গৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ)পাব।
সত্যতানিৰূপণ
নিউজমোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই পোষ্টৰ ফটো দীপফেক বুলি প্ৰতিপন্নকৰে।
ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াতনিউজ মোবাইলৰ দলে মানি কণ্ট্ৰ’লৰ ইউটিউব চেনেলত ৭ জুলাই ২০২৩ত প্ৰচাৰ কৰা মূল ভিডিওটো লাভ কৰিলে। তাত সুধা মুৰ্তিয়ে উদ্যোগীসকলৰ পত্নীসকলৰ সন্দৰ্ভত কথা কৈ থকা দেখা গৈছে।
দুয়োটা ভিডিও পৰ্যালোচনা কৰাত আমি দুয়োটা ভিডিওৰ সৈতে বহু মিল দেখা পালো। অৱশ্যে মূল ভিডিওটোৰ ক’তোৱেই সুধা মুৰ্তিয়ে কোনো বিনিয়োগ এপ সন্দৰ্ভত কোৱা শুনা নাপালো।

ইয়াৰোপৰি, TrueMedia’sdeepfake detector নামৰ বিশেষ সজুলিৰ দ্ৱাৰা জানিব পৰা গ’ল যে ভাইৰেল ভিডিওটোৰ ৯৭ শতাংশই সম্পাদিত বুলি ইংগিত দিয়ে। এইটো AI-ৰ দ্বাৰা নিৰ্মাণ কৰাৰ সন্দৰ্ভতো ইংগিত পোৱা গ’ল। অৰ্থাৎ ডীপফেকৰ সহায়ত ভিডিওটোৰ কথাখিন সম্পাদনা কৰা হৈছে বুলিও স্পষ্ট ধাৰণা দিলে।

এই তথ্যই প্ৰমাণ কৰে, ডিজিটেল ব্যৱস্থাৰ সহায়েৰে ডীপ ফেক ভিডিও প্ৰস্তুত কৰি এই ভিডিওটো ভুৱা দাবীৰে ভাইৰেল কৰা হৈছে।

