সত্যতানিৰূপনঃভাইৰেল ক্লিপটোত ইজৰাইল সেনা লেবানন সীমান্তত উৱস্থান কৰা বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছে

0 40

ইজৰাইল-লেবাননৰ মাজত শেহতীয়া সংঘৰ্ষ চলি থকাৰ সময়তে এখন বাহনত টেংক কেইখনমান কঢ়িওৱা ভিডিও সামাজিক মাধ্যমত ভাইৰেহ হৈছে। বহুতে এয়া ইজাৰাইলৰ সেনাই লেবানন সীমান্তত অৱস্থানৰ বাবে গৈ থকাৰ ভিডিও বুলি দাবী কৰিছে ।

ফেচবুক ব্যৱহাৰকাৰী এজনে ভিডিওটো প্ৰচাৰ কৰি কেপচনত লিখিছে: ইজৰাইল প্ৰতিৰক্ষা বাহিনী (IDF)ৰ ৯৮ ডিভিজনৰ সেনাক লেবানন সাীমান্তলৈ প্ৰেৰণ কৰা হৈছে।

এই পোষ্টটো ইয়াত (আৰ্কাইভ)চাব পাৰিব। 

সত্যতানিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত  সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াতনিউজ মোবাইলৰ দলে ইউটিউবত২০২৩ত প্ৰচাৰ কৰা একে ধৰণৰ ভিডিও দেখা পালে।  ভিডিওটোত৭ অক্টোৱৰ ২০২৩ৰ দিনা  ইজৰাইলৰ সেনাই গাজা সীমান্তৰ সমীপৰ ৰেইমলৈ গৈ থকা দৈখা গৈছে। 

আমি ২০২৩ৰ ৯ অক্টোৱৰৰ আন এটা বাতৰি লাভ কৰিলো, তাত  ভাইৰেল ভিডিওটোৰ কী ফ্ৰেমত থকা ভিডিও দেখা গ’ল।

এই তথ্যই প্ৰমাণ কৰে, ভাইৰেল ভিডিওটো শেহতীয়া ইজৰাইল-লেবানন সংঘৰ্ষৰ সময়ৰ নহয়, সেয়ে ভিডিওটোৰ সৈতে কৰা দাবীও ভুৱা।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel