সত্যতানিৰূপণ: ২০১৮ৰ ঝাজাৰকোটলিৰ সন্ত্ৰাবাদ বিৰোধী অভযানৰ ভিডিও ভুৱাকৈ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ সৈতে সাঙোৰা হৈছে

0 2,413

৯ জুনত জম্মু কাশ্মীৰৰ ৰীছি জিলাত তীৰ্থযাত্ৰী কঢ়িওৱা বাছ এখন আক্ৰমণ কৰি ৯জন লোকক হত্যা কৰাৰ উপৰিও ৩৩জন লোকক আঘাতপ্ৰাপ্ত কৰিছিল।বাছখন কাট্ৰাৰ শিৱখোৰীলৈ পৰা আছিল।

এনে সময়তে এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে, তাত দেখা গৈছে সেনাৰ লোকে এজন সন্ত্ৰাসবাদীৰ মৃতদেহ খান্দি উলিয়াইছে, এই ঘটনাটো  ৰীছী আক্ৰমণৰ ঘটনাৰ সৈতে সাঙোৰা হৈছে।

একেধৰণপ দাবী ইয়াত আৰু ইয়াত (আৰ্কাইভ লিংক) পাব।

সত্যতানিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো পুৰণি বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কীফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে  ২০১৮ৰ ১৩ ছেপ্তেম্বৰত প্ৰচাৰিত এটা বাতৰি এবিপি লাইভৰ ইউটিউব চেনেলত দেখা পালো। তাৰ শিৰোনামত আছে: “বিশেষ বাতৰিt: ঝাজৰকোট্টিত ৩০ ঘণ্টাত তিনি সন্ত্ৰাসবাদী নিধন।”  আমি ভিডিওটো সুক্ষ্মভাবে পৰ্যবেক্ষণ কৰিলো আৰু ভিডিওটোৰ টাইমষ্টাম্পৰ ০৪4:৫৬ মিনিটত ভাইৰেল ক্লিপটো দেখা পালো।

ভিডিওটোৰ বিৱৰণি অনুসৰি: বৃহস্পতিবাৰে জইছ এ মহম্মদৰ তিনি সন্ত্ৰাসবাদী জম্মু জিলাৰ কাক্ৰিয়ালত নিৰাপত্তাৰক্ষীৰ হাতত নিহত হয়। গুলীয়াগুলীত ১২গৰাকী নিৰাপত্তাৰক্ষীৰ লোকো আহত হৈছে। জম্মুৰ আৰক্ষী মহাপৰিদৰ্শক এছডি সিঙে কয়-  “তিনিজন সন্ত্ৰাবাদী নিহত হোৱাৰ লগতে ১২গৰাকী নিৰাপত্তাৰক্ষীও আহত হৈছে। এই সন্ত্ৰাসবাদীবোৰ পাকিস্তানৰ জইছ এ মহম্মদৰ। অভিযানৰ সময়ত বহু স্থানীয় লোক আৰু সাংবাদিক ঘটনাস্থলীত উপস্থিত হৈছিল আৰু গুলীয়াগুলীৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে অৰণ্যৰ আঁৰ লৈছিল। 

আমি ২০১৮ৰ ১৩ ছেপ্তেম্ৱৰত ইণ্ডিয়া টুডেৰিপাব্লিক ৱৰ্ল্ড, and দ্যটাইমছ অৱ ইণ্ডিয়া কে ধৰি বিভিন্ন সংবাদ মাধ্যমত একেটা বাতৰি প্ৰচাৰ হোৱা দেখিলো।

ইয়েই স্পষ্ট কৰে যে ভাইৰেল ভিডিওটো জম্মু কাস্মীৰৰ শেহতীয়া ৰীছীৰ বাছ আক্ৰমণৰ ঘটনাটোৰ নহয়। 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel