সত্যতানিৰূপণ: উত্তৰ প্ৰদেশত মানুহ এজনে টোল গে’টত বুলড’জাৰৰে উত্পাত চলোৱা ভিডিও ক্লিপিং কাল্পনিক দাবীৰে ভাইৰেল কৰা হৈছে

0 2,174

এজন বুলডজাৰ চালকে টোল গেট এটা তচনচ কৰা ভিডিও সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰ হৈছে। বহুতে দাবী কৰে যে মহম্মদ ছাজাদ আলী নামৰ লোকজনে উত্তৰ প্ৰদেশৰ হাপুৰৰ টোলগেটত এই কাৰ্য সংঘটিত কৰিছে।

ভিডিওটো ফেচবুকত প্ৰচাৰ কৰি এজনে কেপচনত লিখিছে: এইখন গাজিয়াবাদৰ মহম্মদ ছাজিদ আলীক জেচিবি বুলডজাৰ এই জেচিবি বুলডজাৰখনেৰে উত্তৰ প্ৰদেশৰ হাপুৰৰ ছিজাৰ্ছী টোল প্লাজাৰ বুথসমূহ তচনচ কৰি তাত থকা কৰ্মচাৰীক পলাই যাবলৈ বাধ্য কৰিছে। #বুলডজাৰ_জিহাদMYogiAdityanath

ওপৰৰ পোষ্টটোৰ লিংক (আৰ্কাইভ) ইয়াত পাব।

সত্যতানিৰূপণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভিডিওটোৰ কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত নিউজ মোবাইলৰ  দলে ২০২৪ৰ ১১ জুনত টাইমছ অৱ ইণ্ডিয়াত প্ৰচাৰিত এটা বাতৰি লাভ কৰিলে। তাৰ শিৰোনামত আছেঃটকা বিচাৰিছিল: মানুহ এজনে দিল্লী- লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথৰ টোল ৱুথ বুলডজাৰেৰে তচনচ কৰিলে।

TOI ৰ বাতৰিটোত স্পষ্ট হয়, টোল টেক্স বিচৰাৰ বাবেই দিল্লী- লক্ষ্ণৌ ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ প্ৰদেশৰ হাপুৰৰ টোলগেটৰ দুটা কোঠা ভাঙি দিছিল। বাতৰিটোত ঘটনাৰ বিৱৰণি দিয়া আৰক্ষীৰ ভাষ্যও প্ৰচাৰিত হৈছে।   

আমি হাপুৰ আৰক্ষীৰ X একাউণ্টতো পালো যে পিখুৱা আৰুগৰহা মুক্তেশ্বৰ থানাৰ আৰক্ষীৰ যুটীয়া দলে জেচিবি চালকজনক গ্ৰেপ্তাৰ কৰিছিল।

বাতৰিটোত উল্লেখ কৰা অনুসৰি চালকজনৰ নাম ধীৰাজ, মহম্মদ ছাজাদ আলী নহয়।

ইয়াৰ দ্বাৰাই ছাজাদ আলীয়ে টোলগেট তচনচ কৰা বুলি দাবী কৰা পোষ্টো ভুৱা বুলি স্পষ্ট হৈ পৰে।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

Error: Contact form not found.

Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel