মটৰ দুৰ্ঘটনাৰ পাছত প্ৰথমবাৰলৈ মত প্ৰকাশ কৰিলে ঋষভ পণ্টে, সঠিক তথ্যৰ বাবে ইয়াত পঢ়ক

0 92

ঋষভ পণ্টৰ আনন্দৰ আঁৰতআৰু তেওঁৰ বাবে সৌভাগ্যৰ প্ৰতীক মহিলা কোন চাওক। ShareTweetGoogleWhatsappPrint

অলপতে দিল্লী-ৰুৰকী ৰাষ্ট্ৰীয় ঘাইপথত ডিভাইডাৰত খুন্দামৰাৰ ফলত সংঘটিত হোৱা ভয়াবহ দুৰ্ঘটনাত পতিত ভাৰতী ক্ৰিকেট দলৰ সদস্য ঋষভ পণ্টে সোমবাৰে প্ৰথমবাৰলৈ তেওঁৰ মত প্ৰকাশ কৰে।

২৫ বছৰীয়া উইকেটকীপাৰ-বেটচমেনজনে তেওঁৰ অনুৰাগীসকলক নিজৰ স্বাস্থ্য সম্পৰ্কে সবিশেষ জনোৱাৰ লগতে তেওঁৰ সংকটকালত অনুৰাগীসকলে দেখুওৱা মৰম, শুভেচ্ছাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

ঋষভ পণ্টে তেওঁৰ নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে  “আপোনালোকৰ শুভেচ্ছা আৰু মৰমৰ বাবে মই চিৰকৃতজ্ঞ হৈ ৰম। আপোনালোকক জনাবলৈ পাই সুখী হৈছো য়ে ইতিমধ্য়ে মোৰ অস্ত্ৰোপচাৰ সফলভাবে সম্পন্ন হৈছে।মই সম্প্ৰতি আৰোগ্যৰ পথত আৰু ভবিষ্যতৰ বাবে সকলো ধৰণৰ প্ৰত্যাহ্বানৰ বাবে সাজু। বিচিচিআই, জয় সিং আৰু চৰকাৰী বিভাগসমূহে আগবঢ়োৱা সহযোগিতাৰ বাবে তেওঁলোকলৈও মোৰ অশেষ ধন্যবাদ।

এই টুইটোৰ সৈতে আন এটা ফলআপ টুইটত পুনৰ লিখিছেমই মোৰ অনুৰাগীসকল, সহকেলুৱৈ, চিকিত্সকসকল আৰু ফিজিওসকললৈ হৃদয়ৰ নিভৃত কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো।

আন এটা টুইটত পণ্টে দুৰ্ঘটনাৰ সময়ত তেওঁৰ জীৱন ৰক্ষা কৰা ৰজত কুমাৰ আৰু নিশু কুমাৰলৈও ধন্যবাদ জ্ঞাপন কৰে।

 

শেহতীয়া, তথ্যসমৃদ্ধ বাতৰি আৰু ভাইৰেল ভিডিও সকলো আপডেট আৰু সম্পূৰ্ণ ভৰসা কৰিব পৰা বাতৰিৰ বাবে ইয়াত ক্লিক কৰক । 

সামাজিক মাধ্যমৰ ভাইৰেল ভিডিও আৰু শেহতীয়া ট্ৰেণ্ডৰ বিষয়ে জানিবলৈ NewsMobile YouTube Channel আৰু Instagramত ফলো কৰক।