ভুৱা বাতৰি: কোভিড ভেকচিন লোবাৰ পাছত মূৰ্ছা যোৱা নাৰ্ছগৰাকীৰ মৃত্যু হোৱা নাই।প্ৰকৃত তথ্য পঢ়ক-

0 241

আমেৰিকাৰ টেনিছিৰ চট্টানুগাৰ টিফানী ডোভাৰ নামৰ নাৰ্ছগৰাকীয়ে কোভিড-১৯ৰ টীকা গ্ৰহণ কৰাৰ পাছত সংৱাদ মেলত অংশ গ্ৰহণ কৰি থকাৰ সময়তে মূৰ্ছা গৈছিল।

 

পৰৱৰ্তী সময়ত সামাজিক মাধ্যমত নাৰ্ছগৰাকীৰ মৃত্যু হোৱা বুলি ভুৱা বাতৰি প্ৰচাৰ হৈছিল।

 

“इस नर्स ने करुना का वैक्सीन लगवाया और मीडिया के सामने आकर वैक्सीन की तारीफ करने लगी कि यह बहुत अच्छा है और तारीफ करते करते ही इसका जय सियाराम हो गया!!! आप खुद देखिए वीडियो! #फर्जीमहामारीफर्जी_वैक्सीन,” the post read.

 

(Translation: This nurse got vaccinated for Covid and came in front of the media praising the vaccine has now look what happened !!! Watch the video yourself! #Fake_Pandemic_fake_vaccine)

 

 

Here’s the link to the above post

 

একাংশই আকৌ নাৰ্ছগৰাকীৰ সংবাদ মেলৰ সময়ৰ ফটোৰ স্ক্ৰীণশ্বট প্ৰচাৰ কৰি টিফানী ডোভাৰৰ মৃত্যু হোৱাৰ বাতৰিও প্ৰচাৰ কৰিছিল।

 

Here’s the link to the above post.

More posts can be seen here and here.

 

FACT CHECK
 

নিউজ মোবাইল ফেক্ট চেকৰ সহায়ত এয়া উৰা বাতৰি, মিছা ৱুলি প্ৰমাণিত হয়। 

 

প্ৰথমতে, আমি দেখিলো চট্টানুগাৰ চিএইচআই স্মাৰক (মেমোৰিয়েল)হাস্পতালত ২০২০ চনৰ ১৮ ডিচেম্বৰৰ দিনা ফাইজাৰ বিয়নটেক গ্ৰহণ কৰাৰ পাছত টিফানী ডোভাৰ মূৰ্ছা যোৱা বাতৰি বহুকেইটা সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল।

 

“হঠাত্ কিহবাই কোৱ মৰাৰ দৰে অনুভৱ কৰিলো। মই কিছু অসুবিধা পোৱাৰ দৰে ভাব হৈছিল, কিন্তু এতিয়া মই সুস্থ আৰু মোৰ হাতৰ বিষো এতিয়া নোহোৱা হৈছে” লেখাটোত ডোভাৰৰ কথাখিনি এনেদৰে প্ৰকাশ পাইছিল। 

ইয়াৰোপৰি আমাৰ হাতত এটা ভিডিও ৰিপোৰ্ট আহি পৰিছিল য’ত টিফেনীয়ে প্ৰকাশ কৰিছিল যে তেঁওৰ স্বাস্থ্য সম্পৰ্কীয় এৱিধ বিশেষ অসুখ আছে, যাৰ বাবে তেঁও সঘনে মূৰ্ছা গৈছিল।তেঁও সাংবাদিকৰ আগত কৈছিল যে শৰীৰত কোনো ধৰণৰ আঘাত পালে বা দুখ পালে  তেঁও এক ধৰণৰ স্নায়ুজনিত ৰোগৰ চিকাৰ হয়, যাক ওভাৰ এক্টিভ ভাগাল বুলিও কোৱা হয়। 

 

https://www.youtube.com/watch?v=p9agUz5cQCk 

 

“ বৰ্তমান মই সম্পূৰ্ণ সুস্থ, মই সম্ভবত যোৱা ছয় সপ্তাহত ছয়বাৰ এনে অবস্থাৰ সন্মুখীন হৈছো” – তেঁও কয়।

 

ইয়াৰোপৰি ২২ ডিচেম্বৰৰ WTVC News Channel 9ৰ এটা টুইটো আমি লাভ কৰিছিলো য’ত টিফানী ডোভাৰ বহু ফটো, চিকিত্সালয়ৰ অইন কৰ্মচাৰীৰ সৈতেও তোলা বহু ফটো সন্নিবিষ্ট কৰা আছিল। 

 

সযোজন: চিএইচআই স্মাৰক হাস্পতালৰ তৰফৰ পৰা সোমবাৰে নাৰ্ছ পৰিচালিকা টিফেনী ডোভাৰৰ কেইখনমান ফটো প্ৰকাশ কৰা হৈছিল। ফটোকেইখনত টিফেনীৰ চাৰিওফালে তেঁওৰ সহকৰ্মীসকলক দেখা গৈছিল। চিকিত্সালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে টিফেনী সম্প্ৰতি সুস্থ হৈ উঠিছে আৰু তেঁওলোকে তেঁওক সম্পূৰ্ণ সহযোগ কৰি আছে। 

 

https://twitter.com/newschannelnine/status/1341113990311763971

 

সেয়ে, উল্লিখিত পোষ্টটোৰ পৰা এই কথা স্পষ্ট যে কোভিড ভেকচিন গ্ৰহণ কৰাৰ পাছত টিফেনী ডোভাৰৰ মৃত্যুৰ বাতৰিটো সম্পূৰ্ণ ভুৱা। 

 

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

এই বাতৰিটোৰ সত্যতা জানিবলৈ +91 11 7127 9799– নম্বৰত হোৱাটচএপ কৰক।