পৰীক্ষা কৰা হ’ল: সদনত সঞ্জয় সিঙে বন্দে মাতৰম সন্দৰ্ভত ভাষণ প্ৰদান কৰি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহ উপস্থিত নাছিল

0 555

বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তি উপলক্ষে অনুষ্ঠিত হোৱা বিতৰ্কত আম আদমী পাৰ্টি (AAP)-ৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙৰ ভাষণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত বহুলভাবে প্ৰচাৰিত হৈছে। দাবী কৰা হৈছে যে ৰাজ্যসভাত সঞ্জয় সিঙৰ ভাষণ শুনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক হতাশ হোৱা স্পষ্টভাৱে দেখা গৈছিল।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওটো কেপচনৰ সৈতে পোষ্ট কৰিছিল  — 

বিজেপি/আৰএছএছ মোদী শ্বাহৰ সকলো অহংকাৰ ভাঙি দিলে — সংসদত আজি বন্দে মাতৰমৰ ১৫০ বছৰ পূৰ্তিৰ ভাষণত সাংসদ সঞ্জয় সিং — একেবাৰে অসাধাৰণ মোদী শ্বাহৰ মুখখন চাওক — এনে লাগিছে যেন তেওঁলোকে পেণ্টতেই প্ৰস্ৰাৱ কৰিব

তেওঁ সম্পূৰ্ণৰূপে মুখা খুলি দিলে

জয় হিন্দ বন্দে মাতৰম

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব।

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

সম্বন্ধিত কীৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰাত, নিউজমোবাইলে সংসদ টিভিৰ চৰকাৰী ইউটিউব চেনেলত ৯ ডিচেম্বৰত সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত আপলোড কৰা সঞ্জয় সিঙৰ সম্পূৰ্ণ ভাষণৰ ৰেকৰ্ড দেখা পায়।

টাইমষ্টাম্প অনুসৰি, সঞ্জয় সিঙে বিয়লি প্ৰায় ৩:৪৪ বজাত তেওঁৰ ভাষণ আৰম্ভ কৰিছিল। সম্পূৰ্ণ ভিডিঅ’টো প্ৰায় ২২ মিনিট দীঘল।

সম্পূৰ্ণ ভিডিও ক্লিপটো সুক্ষ্মভাবে পৰ্যালোচনা কৰাত দেখা গল যে সঞ্জয় সিঙৰ ভাষণ চলি থাকোতে কোনো সময়তেই প্ৰধানমন্ত্ৰী মোদী বা গৃহমন্ত্ৰী অমিত শ্বাহ ৰাজ্যসভাৰ সদনত উপস্থিত নাছিল। বিজেপিৰ ৰাজ্যসভাৰ নেতা জে পি নাড্ডা উপস্থিত আছিল আৰু ভাষণৰ প্ৰায় চাৰে পাঁচ মিনিট পাছত তেওঁ কিছুমান সৰু সৰু মন্তব্য কৰিছিল, তাৰ পাছত সঞ্জয় সিঙে পুনৰ ভাষণ আৰম্ভ কৰে। 

অধিক অনুসন্ধান বা পৰ্যালোচনা কৰি দেখা যায় যে বন্দে মাতৰম বিতৰ্কৰ সময়ত মোদীয়ে ৰাজ্যসভাত ভাষণ দিয়া নাছিল। সংবাদ মাধ্যমৰ বাতৰিয়েও নিশ্চিত কৰে যে তেওঁ এই বিষয়ত লোকসভাত মন্তব্য কৰিছিল, ৰাজ্যসভাত নহয়। 

গৃহমন্ত্ৰী অমিত শ্বাহে অৱশ্যে ৯ ডিচেম্বৰত ৰাজ্যসভাত ভাষণ দিছিল যদিও সেই ভাষণটো দিনৰ আগভাগৰেই, দুপৰীয়া ১:০৫ বজাৰ পৰা ১:৪৭ বজালৈ হৈছিল। সঞ্জয় সিঙৰ ভাষণ আৰম্ভ হৈছিল প্ৰায় দুই ঘণ্টা পাছত, অৰ্থাৎ ৩:৪৪ বজাত। সেই সময়লৈকে অমিত শ্বাহ ৰাজ্যসভাত উপস্থিত নাছিল। 

এই তথ্য লাভৰ পাছত এয়া স্পষ্ট হয় আৰু নিশ্চিতভাৱে ক’ব পাৰো যে ৰাজ্যসভাত সঞ্জয় সিঙৰ ভাষণ শুনি প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী শ্বাহ স্পষ্টভাৱে হতাশ হৈছিল বুলি দাবী কৰা পোষ্টটো বিভ্ৰান্তিকৰ।