এজন মেদবহুল লোকে নিজৰ পেটৰ ওপৰত ভাতুৰা (ৰুটীৰ দৰে এবিধ খাদ্যৱস্তু)বেলি থকাৰ এটা ভিডিও সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছেষ বহু ব্যৱহাৰকাৰীয়ে এয়া সত্য ঘটনা বুলি শ্বেয়াৰ কৰিছে, লগতে ইয়াক এটা বিশেষ জাতি আৰু ধৰ্মক লক্ষ্য কৰি প্ৰচাৰ কৰিছে।

ওপৰৰ পোষ্ট (আৰ্কাইভ)টো ইয়াত পাব।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণ কৰে।
সাৱধানতাৰে লক্ষ্য কৰিলে, ভিডিওটোৰ চালচলন (মুভমেণ্ট)ত অস্বাভাৱিকতা দেখা যায়। বিশেষকৈ ভাতুৰা বেলোঁতে মানুহজনৰ কুঁহিয়াৰৰ কাষৰ হাতখনৰ গতি অস্বাভাৱিক যেন লাগে। ইয়াৰোপৰি, গৰম তেলৰ পৰা সুদা হাতেৰেই ভাতুৰা উলিয়াই লোৱা দৃশ্যটো বিশ্বাসযোগ্য নহয়। লগতে এটা অংশত বেলনিখন চলি থকা অৱস্থাতে হঠাৎ অদৃশ্য হোৱা যেন দেখা যায়, যিয়ে স্পষ্টভাৱে ভিডিওটো কৃত্ৰিমভাৱে সম্পাদনা কৰাৰ ইংগিত দিয়ে।
এই সন্দৰ্ভত অধিক অনুসন্ধানৰ কৰাত আমি ভিডিওটোৰ শেষত দেখা পোৱা ইনষ্টাগ্ৰাম হেণ্ডেল @ষ্ট্ৰেঞ্জাৰ হাৱ (@STRANGERR_HUB) দেখা পাইছিলোঁ। ভাইৰেল ভিডিওটো এই একাউণ্টত পোৱা নগ’ল যদিও একাউণ্টটোৰ সামগ্ৰীসমূহ পৰ্যালোচনা কৰি বহু ভুৱা আৰু বিভ্ৰান্তিকৰ ভিডিও থকা দেখা গৈছে।
ইয়াৰ পৰৱৰ্তী সময়ত আমি আমাৰ সন্দেহ নিশ্চিত কৰিবলৈ AI চিনাক্তকৰণ সঁজুলিসমূহ ব্যৱহাৰ কৰি ভাইৰেল ভিডিওটো পৰীক্ষা কৰিছিলোঁ। Hive Moderation-এ এই ভিডিওৰ অংশটো কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হোৱাৰ সম্ভাৱনা ৯৫.৮ শতাংশ বুলি দেখুৱাইছিল, আৰু Undetectable-ৰ বিশ্লেষণ অনুসাৰে এই সম্ভাৱনা আৰু বেছি, অৰ্থাৎ ৯৯ শতাংশ।

এনেদৰেই ওপৰৰ তথ্যসমূহৰ আধাৰত স্পষ্টভাৱে ক’ব পাৰি যে পেটৰ ওপৰত ভাতুৰা বেলি থকা মানুহৰ ভাইৰেল ভিডিওটো প্ৰকৃত নহয় আৰু ইয়াক AI ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।