পৰীক্ষা কৰা হ’ল: মটৰ চাইকেল আৰোহীক বাঘে আক্ৰমণ কৰা বুলি ভাইৰেল হোৱা ভিডিঅ’টো ভুৱা

0 754

ছ’চিয়েল মিডিয়াত এটা নাটকীয় ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিওটোত এটা বাঘে এজন মটৰ চাইকেল আৰোহীক আক্ৰমণ কৰি তেওঁক জংঘলৰ ফালে টানি লৈ যোৱা দেখা যায়। দাবী কৰা হৈছে যে বাঘৰ আক্ৰমণৰ এই ঘটনাটো সত্য।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভাইৰেল প’ষ্টটো প্ৰচাৰ কৰি কেপচনত লিখিছে — #higlightsシ゚ #foryoupage #goviralreels #sujanvloge #attackanimal

পোষ্টটো ইয়াত পাব।

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণ কৰে।

মূল শব্দ বা কীৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰাত, নিউজমোবাইলে ভাইৰেল দাবীটোক সত্য প্ৰমাণ কৰা কোনো বিশ্বাসযোগ্য বাতৰি বা নিৰ্ভৰোগ্য তথ্য পোৱা নাই।

অবশ্যে ভিডিওটো অধিক মনোযোগেৰে চালে কেইবাটাও দৃশ্যগত অসামঞ্জস্য ধৰা দেখা যায়।  উদাহৰণ স্বৰূপে বাঘটোৰ দেহৰ আকৃতিৰ বিকৃতি আৰু বিসংগতি দেখা যায়, লগতে বাহনখনৰ নম্বৰ প্লেটো মণিব নোৱাৰা। এনে ধৰণৰ অস্বাভাৱিকতা সাধাৰণতে এআইৰ দ্বাৰা সৃষ্টি কৰা ফটো বা ভিডিওতহে দেখা যায়।

এআই চিনাক্তকৰণ সঁজুলি হাইভ মডাৰেচনৰ সহায়ত গভীৰ ভাবে বিশ্লেষণ কৰি ভিডিওটো ডিজিটেল মাধ্যমেৰে সম্পাদনা কৰাৰ সম্ভাৱনা নিশ্চিত কৰিছে। 

এই তথ্যসমূহৰ পৰাই নিশ্চিতভাৱে ক’ব পাৰি যে মটৰ চাইকেল আৰোহীক বাঘে আক্ৰমণ কৰি জংঘললৈ টানি লৈ যোৱা বুলি দাবী কৰা এই ভাইৰেল পোষ্টটো সম্পূৰ্ণৰূপে ভুৱা।