পৰীক্ষা কৰা হ’ল: বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ ফটোখন AI-ৰ দ্বাৰা সম্পাদিত, এনে ধৰণৰ ফটো চাই বিভ্ৰান্ত নহ’ব

0 375

সামাজিক মাধ্যমত এখন ফটো বহুলভাৱে এটা প্ৰচাৰ হৈছে। ফটোখনত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক তেওঁলোকৰ নিজৰ নিজৰ পত্নীৰ সৈতে প’জ দি থকা বুলি দাবী কৰা হৈছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজমোবাইলে ভাইৰেল ফটোখনৰ সন্দৰ্ভত অনুসন্ধান কৰি এই দাবী বিভ্ৰান্তিকৰ বুলি জানিবলৈ সক্ষম হয়।

ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চত দি আৰু মূল কীৱৰ্ড অনুসন্ধান কৰিও এই দাবী সত্য প্ৰমাণ কৰিব পৰা কোনো বিশ্বাসযোগ্য বাতৰি, ফটো বা সামাজিক মাধ্যমৰ পোষ্ট পোৱা নগ’ল। গুৰুত্বপূৰ্ণভাৱে, ছবিখনত দেখুওৱা কোনো ব্যক্তিয়েই তেওঁলোকৰ ভেৰিফাইড সামাজিক মাধ্যম হেণ্ডেলত এনে কোনো ছবি শ্বেয়াৰ কৰা নাই। লগতে, ক্ৰিকেটাৰসকেইজন আৰু তেওঁলোকৰ পৰিয়ালে নতুন বছৰ উদযাপনৰ অনুষ্ঠানৰ উদযাপন কৰা সন্দৰ্ভত ৰাষ্ট্ৰীয় 

ফটোখন সূক্ষ্মভাবে পৰীক্ষা কৰাত ফটোখন AI-ৰ দ্বাৰা সম্পাদনা কৰা বুলি একাধিক সন্দেহজনক লক্ষণ ধৰা পৰে  ইয়াৰ ভিতৰত অসমঞ্জস্য পোহৰ, অস্বাভাৱিক ভাবে মিহি মুখমণ্ডলৰ আৰু অত্যাধিক মসৃণ পটভূমি —এইবোৰ ডিজিটেলভাৱে সৃষ্টি কৰাৰ স্পষ্ট সংকেত। 

এই সন্দৰ্ভত অধিক তথ্য বা স্পষ্টতাৰ বাবে নিউজমোবাইলে Sightengine আৰু Hive Moderation নামৰ AI শনাক্তকৰণ সজুলি ব্যৱহাৰ কৰি ছবিখন বিশ্লেষণ কৰে। দুয়োটা মাদ্যমেই ফটোখন AI-ৰ দ্বাৰা সৃষ্টি কৰা বুলি চিনাক্ত কৰে আৰু নিশ্চিতভাৱে প্ৰমাণ কৰে যে ভাইৰেল ছবিখন ভুৱা আৰু উক্ত দাবী বিভ্ৰান্তিকৰ। 

সামৰণিত ক’ব পাৰি যে, বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক তেওঁলোকৰ পত্নীৰ সৈতে দেখুওৱা ছবিখন AI-ৰ দ্বা সম্পাদিত আৰু ইয়াক ভুৱা ব্যাখ্যাৰে সত্য বুলি প্ৰচাৰ কৰা উচিত নহয়।