পৰীক্ষা কৰা হ’ল: বিৰাট কোহলীৰ সৈতে লিওনেল মেছীৰ এই ফটোবোৰ AIৰ দ্বাৰা সম্পাদিত

0 579

কিংবদন্তি ফুটবলাৰ লিওনেল মেছী ২০২৫ চনত অনুষ্ঠিত হোৱা তেওঁৰ গোট ইণ্ডিয়া টুৰ (ভ্ৰমণ)ৰ অংশ হিচাপে ভাৰতৰ কেইবাখনো চহৰ ভ্ৰমণ কৰিছিল। এনে সময়তে, এটা ষ্টেডিয়ামত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে মেছিয়ে পোজ দিয়া বুলি দাবী কৰা কিছুমান ছবি সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজ মোবাইলৰ দ্বাৰা এই ফটোখনৰ সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু ফটোখন AIৰ দ্বাৰা সম্পাদিত বুলি প্ৰতিপন্ন হয়।

ৰিভাৰ্ছ ইমেজ ছাৰ্চ আৰু কীৱৰ্ড ভিত্তিক অনুসন্ধানত এই সন্দৰ্ভত কোনো বিশ্বাসযোগ্য বাতৰি, নিৰ্ভৰযোগ্য ফটো বা ক্ৰীড়াবিদ দুজনৰ কোনো পোষ্ট পোৱা নগল। বিশেষকৈ, লিওনেল মেছি বা বিৰাট কোহলীৰ কোনো অফিচিয়েল সামাজিক মাধ্যমৰ একাউণ্ট বা মূলসূতিৰ সংবাদ মাধ্যমেও এনে কোনো ফটো শ্বেয়াৰ কৰা বা বাতৰি প্ৰকাশ কৰা নাই।

বিশ্ব ক্ৰীড়া জগতৰ এই দুজন প্ৰসিদ্ধ তাৰকাৰ মেছি আৰু কোহলীৰ এনে সাক্ষাৎ লে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিলেহেঁতেন। ইয়েই পোষ্টটোত কৰা দাবীক লৈ সন্দেহৰ সৃষ্টি কৰে।

ফটোখনৰ সুক্ষভাবে কৰা পৰীক্ষণত AI-ৰ দ্বাৰা সম্পাদিত ফটোত সাধাৰণতে দেখা পোৱা কেইবাটাও বিসংগতি, যেনে পোহৰ তাৰতম্যতা, মুখমণ্ডলৰ অস্বাভাৱিকতা, আৰু অত্যধিক মসৃণতা থকা কথাটো। ইয়েই ডিজিটেল মাধ্যমেৰে সম্পাদনা কৰা কথাটোৰ ইংগিত দিয়ে।

অধিক অনুসন্ধান কৰি স্পষ্ট কৰিবলৈ, নিউজ মোবাইলে AI চিনাক্তকৰণ টুল ছাইট ইঞ্জিন (Sightengine) ব্যৱহাৰ কৰি ফটো পৰীক্ষা কৰে এই পৰীক্ষাত ফটোখন AI-তৈয়াৰী বুলি চিহ্নিত কৰা হয়। 

ইফালে, লিওনেল মেছিয়ে ১৪ ডিচেম্বৰ ২০০৫ তাৰিখে মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ক্ৰিকেটৰ কিংবদন্তি খেলুৱৈ শচীন টেণ্ডুলকাৰক সাক্ষাৎ কৰিছিল। এই সাক্ষাৎটো অফিচিয়েলভাৱে শ্বেয়াৰ কৰা হৈছিল আৰু ব্যাপকভাৱে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিলকিন্তু এই ভাইৰেল দাবীৰ ক্ষেত্ৰত দেখা নগল। 

 এই তথ্যৰ ভিত্তিতেই ক’ব পাৰি যে লিওনেল মেছি আৰু বিৰাট কোহলীৰ সৈতে থকা বুলি দাবী কৰা ভাইৰেল ফটোখন সত্য নহয়। নিউজ মোবাইলৰ সত্যতা নিৰূপণে নিশ্চিত কৰে যে ছবিখন AI-দ্বাৰা সম্পাদিত, আৰু এই দাবীক সমৰ্থন কৰিব পৰা কোনো বিশ্বাসযোগ্য প্ৰমাণ বা অফিচিয়েল নিশ্চিতকৰণ নাই।