বাংলাদেশৰ বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনোই এখন ফলক ধৰি থকা বুলি দাবী কৰা এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। ফলকখনত থকা বাংলা লিখনিত দাবী কৰা হৈছে যে শ্বেখ মুজিবুৰ ৰহমানৰ নেতৃত্বত বাংলাদেশে ১৯৭১ চনত স্বাধীনতা লাভ কৰিছিল আৰু বংগৰ জনগণে তেওঁৰ অৱদান কেতিয়াও পাহৰি নাযাব, লগতে ভাৰতৰ তৰফৰ পৰা অভিনন্দন জনোৱা হৈছে। এই ফটোখন ১৬ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে ব্যক্তিগতভাৱে বাংলাদেশী নাগৰিকসকলক অভিনন্দন জনাইছিল বুলি দাবীৰে শ্বেয়াৰ কৰা হৈছে। ভাইৰেল দাবীটোৰ সন্দৰ্ভত সত্যতা জানো আহক।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজমোবাইলে দাবীটো অনুসন্ধান কৰি জানিব পাৰিছে যে এই ফটোখন কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি সৃষ্টি কৰা।
নিউজ মোবাইলৰ দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ বিজয় দিৱস উপলক্ষে কোনো ধৰণৰ ৰাজহুৱা অভিনন্দন বা বিবৃতি দিছিল নে নাই সেয়া জানিবলৈ মূল শব্দ ব্যৱহাৰ কৰি অনুসন্ধানৰ কৰা হয়। কিন্তু অনুসন্ধানত ভাইৰেল ফটোখনৰ সৈতে সম্পৰ্কিত কোনো বিশ্বাসযোগ্য বাতৰি বা সংবাদ মাধ্যমৰ ক’ভাৰেজ পোৱা নগ’ল। যদি সচাকৈ এনে ঘটনা ঘটিছিল, তেন্তে মূলসূতিৰ সংবাদ মাধ্যমে এই সন্দৰ্ভত প্ৰচাৰ কৰিলেহেঁতেন।
ইয়াৰ উপৰিও, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰী সামাজিক মাধ্যমৰ হেণ্ডেলসমূহ, চৰকাৰী পোৰ্টেল আৰু সংবাদ মাধ্যমৰ বিজ্ঞপ্তিসমূহ পৰীক্ষা কৰিও ভাইৰেল ছবিখন বা উক্ত অভিনন্দন বাৰ্তাৰ কোনো উল্লেখ পোৱা নগ’ল। কোনো চৰকাৰী তথ্য নথকাৰ পৰাই এয়া স্পষ্ট হয় যে ফটোখন সত্য নহয়।
ইয়াৰোপৰি, ভাৰত আৰু বাংলাদেশৰ মাজৰ বৰ্তমানৰ ৰাজনৈতিক পৰিস্থিতি আৰু কূটনৈতিক সংবেদনশীল বিষয়সমূহ—বিশেষকৈ সীমান্ত-সম্পৰ্কীয় বিষয়সমূহ—দৃষ্টিত ৰাখিলে, ছবিখনত দেখুওৱা ধৰণে প্ৰধানমন্ত্ৰীয়ে এনে বাৰ্তা প্ৰদান কৰাটো অতি অসম্ভাব যেন অনুমান হয়।
অধিক নিশ্চিত কৰিবলৈ ভাইৰেল ছবিখন Hive Moderation নামৰ এটা AI চিনাক্তকৰণ সজুলি ব্যৱহাৰ কৰি অনুসন্ধান কৰাত নিশ্চিত হয় যে ছবিখন কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।

এই তথ্যৰ পৰাই স্পষ্ট যে বাংলাদেশৰ বিজয় দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অভিনন্দন জনোৱা ফলক ধৰি থকা বুলি দাবী কৰা ভাইৰেল ফটোখন সত্য নহয়, ইয়াক AI ব্যৱহাৰ কৰি ডিজিটেলভাৱে সৃষ্টি কৰা হৈছে।