পৰীক্ষা কৰা হ’ল: প্ৰধানমন্ত্ৰী মোদীয়ে নীতিশ কুমাৰৰ পদত্যাগ দাবী কৰিছে বুলি দাবী কৰা ভিডিও ডিপফেক

0 426

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক লৈ হোৱা হিজাব-সম্পৰ্কীয় বিতৰ্কৰ পাছতে সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈছে, য’ত দাবী কৰা হৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীতিশ কুমাৰৰ পদত্যাগ দাবী কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজমোবাইলে ভাইৰেল ভিডিঅ’টো পৰীক্ষা কৰি এইটো এটা ডিপফেক বুলি নিশ্চিত কৰিছে।

প্ৰথম পদক্ষেপ হিচাপে, ভিডিঅ’টোৰ সৈতে কৰা দাবীৰ সত্যতা নিৰূপণ কৰিবলৈ আমি গুগ’লৰ ওপেন ছাৰ্চ টুল ব্যৱহাৰ কৰিছিলো। অনুসন্ধানত কোনো বিশ্বাসযোগ্য সংবাদ প্ৰতিবেদন বা চৰকাৰী বাতৰি বা তথ্য পোৱা নগ’ল ইয়েই স্পষ্ট কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে নীতিশ কুমাৰৰ পদত্যাগ দাবী কৰা বুলি কৰা দাবী অসত্য।

পৰৱৰ্তী সময়ত আমি ভাইৰেল ভিডিওটোৰ মূল ফ্ৰেম (keyframes) উলিয়াই গুগল লেন্সৰ জৰিয়তে অনুসন্ধান কৰোঁ। এই অনুসন্ধানৰ পাছত আমি ৭ জুন, ২০২৫ তাৰিখে ডিডি নিউজৰ ইউটিউব চেনেলত প্ৰচাৰিত মূল ভিডিওটোলৈ লাভ কৰোঁ। ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে আন্তঃৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমনৰ (ICDRI) ২০২৫ৰ এটা অনুষ্ঠানত ভাষণ দি থকা দেখা যায়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ভিডিওটোৰ ক’তোৱেই প্ৰধানমন্ত্ৰী মোদীয়ে নীতিশ কুমাৰৰ নাম উল্লেখ কৰা নাই বা বিহাৰৰ ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত কোনো মন্তব্য কৰা নাই।

ভাইৰেল ভিডিওটোৰ  ভিজুৱেল বা মুখাৱয়ব আৰু কথা (শব্দ)ৰ সন্দৰ্ভত বিশ্লেষণ কৰাত ইয়াত কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰৰ কেইবাটাও সন্দেহজনক লক্ষণ দেখা যায়, যেনে ওঁঠ লৰচৰ কৰা আৰু তাৰ সৈতে মুখৰ শব্দৰ মিল নথকা, কৃত্ৰিমভাৱে সৃষ্টি কৰা শব্দ, আৰু স্বাভাৱিক ভাষণৰ সৈতে নোহোৱা, অত্যাধিক মিহি 

আমাৰ অনুসন্ধান অধিক দৃঢ় কৰিবলৈ নিউজমোবাইলে Hive Moderation নামৰ AI-ডিটেকচন টুল ব্যৱহাৰ কৰি ভিডিওটো বিশ্লেষণ কৰে। টুলটোৱে ভিডিওটো AI দ্বাৰা পৰিবৰ্তিত বুলি চিনাক্ত কৰে আৰু ভাইৰেল ভিডিওটো ডিপফেক বুলি প্ৰমাণ হয়। সেয়ে পোষ্টটোত কৰা দাবী দাবী বিভ্ৰান্তিকৰ।

সামৰণিত ক’ব পাৰি যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ দাবী কৰিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখুওৱা ভাইৰেল ভিডিওটো সম্পূৰ্ণৰূপে ভুৱা। নিউজমোবাইলৰ অনুসন্ধানে নিশ্চিত কৰিছে যে এই ভিডিও ক্লিপটো কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি ডিজিটেলভাৱে পৰিবৰ্তন কৰা হৈছে আৰু মূল ভিডিঅ’টো একেবাৰে অসামঞ্জস্য  ভাষণৰ পৰা লোৱা হৈছে।