নিশাৰ ভাগত আকাশমাৰ্গত উজ্জ্বল ৰঙা পোহৰ জ্বলি থকা দেখা পোৱা এটা ভিডিও সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰিত হৈছে। জম্মু আৰু কাশ্মীৰত ভাৰত–পাকিস্তান সীমান্তৰ ওচৰত ড্ৰোন দেখা পোৱাৰ শেহতীয়া খবৰসমূহৰ প্ৰেক্ষাপটত বহু ব্যৱহাৰকাৰীয়ে এই ভিডিওটো শ্বেয়াৰ কৰিছে।

ওপৰৰ পোষ্ট. (আৰ্কাইভ)ৰ লিংক ইয়াত পাব।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণ কৰে।
ভিডিঅ’টোৰ মূল ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছতদিয়াত নিউজ মোবাইলে ১২ মে’ ২০২৫ তাৰিখে News18ত প্ৰচাৰ হোৱা এটা ৱাতৰি লাভ কৰিছিল। সেই বাতৰিৰ প্ৰতিবেদনত একেটা ভিডিওৰ এখন স্থিৰ ফটো আছিল। তাত কোৱা হৈছিল যে ভাৰতীয় সেনাই জম্মু আৰু কাশ্মীৰৰ সাম্বা জিলাত সন্দেহজনক ড্ৰোন ধৰা পেলাইছিল, লগতে পঞ্জাৱৰ কিছুমান অংশতো অতিৰিক্ত ড্ৰোন দেখা পোৱা গৈছিল। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি অপাৰেচন সিন্দূৰ আৰম্ভ হোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰাৰ কিছু সময়ৰ পাছতেই এই ড্ৰোন গতিবিধি লক্ষ্য কৰা হৈছিল।

ইয়াাৰোপৰি আমি সংবাদ প্ৰতিষ্ঠান এএনআই –এ ১২ মে’ ২০২৫ তাৰিখে টুইটাৰত একেটা ভিডিও শ্বেয়াৰ কৰিছিল। বিৱৰণিত একেই ড্ৰোন-সম্পৰ্কীয় ঘটনাৰ কথা প্ৰকাশ কৰিছিল। ২০২৫ চনৰ মে’ মাহৰ আন বহু সংবাদ প্ৰতিবেদনতো সীমান্তত ড্ৰোন দেখা পোৱাৰ সন্দৰ্ভত একে দৃশ্য ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত ভিডিওটো প্ৰচাৰৰ প্ৰকৃত সময় স্পষ্টভাৱে নিশ্চিত হয়।
#WATCH | J&K: Red streaks seen and explosions heard as India’s air defence intercepts Pakistani drones amid blackout in Samba.
(Visuals deferred by unspecified time) pic.twitter.com/EyiBfKg6hs
— ANI (@ANI) May 12, 2025
উল্লেখ্য যে ২০২৬ চনৰ জানুৱাৰী মাহত পুঞ্চত লাইন অৱ কণ্ট্ৰ’লৰ কাষত আৰু ছাম্বাত ভাৰত–পাকিস্তান সীমান্তৰ ওচৰত পাকিস্তানী ড্ৰোন দেখা পোৱাৰ শেহতীয়া খবৰ প্ৰচাৰ হৈছে—ডিগৱাৰ ছেক্টৰত হোৱা এটা ঘটনাৰ পাছত নিৰাপত্তা বাহিনীৰ তৎপৰতাপূৰ্ণ প্ৰতিক্ৰিয়াও প্ৰচাৰ হৈছিল। এই শেহতীয়া ঘটনাসমূহৰ সৈতে কিন্তু ভাইৰেল ভিডিওটোৰ সৈতে সম্পৰ্ক নাই।
এই তথ্যসমূহ বিশ্লেষণ কৰিয়েই নিশ্চিতভাৱে ক’ব পাৰি যে ৰাতিৰ আকাশত ৰঙা পোহৰ দেখা পোৱা ভাইৰেল ভিডিওটো ২০২৫ চনৰ মে’ মাহৰ, এই ভিডিওটোকেই জম্মু আৰু কাশ্মীৰত ভাৰত–পাকিস্তান সীমান্তৰ ওচৰত শেহতীয়া ড্ৰোন দেখা পোৱাৰ বুলি ভ্ৰান্তভাৱে প্ৰচাৰ কৰা হৈছে।