ক্ৰিকেটাৰ শুভমন গিলে এখন ষ্টেডিয়ামত ছাৰা টেণ্ডুলকাৰৰ পাণি ভিক্ষা কৰা একাংশ ছবি সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈ আছে।
পৃথ্ৱীৰাজ ছৰ্টছ নামৰ এটা ফেচবুক পেজত ফটোখন শ্বেয়াৰ কৰি কেপচনত লিখা আছেঃ ষ্টেডিয়ামত শুভমন আৰু ছাৰা


পূজা নামৰ আন এগৰাকীৰ এটা ফেচবুক পোষ্টত বৰ্ণনা কৰিছে— “মেচ শেষ হোৱাৰ পাছত ষ্টেডিয়ামত এটা সুন্দৰ মুহূৰ্ত, শুভমন গিলে ছাৰা টেণ্ডুলকাৰক প্ৰপোজ (পাণি ভিক্ষা) কৰিছে।”

আন একাংশ ফেচবুক পোষ্টত ছাৰা টেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়া বুলিও প্ৰচাৰ কৰা হৈছে। ভাগচান্দ মীনা নামৰ এজনৰ এটা পেজে ছাৰা টেণ্ডুলকাৰৰ প্ৰতিক্ৰিয়াও শ্বেয়াৰ কৰিছে, এই পোষ্টটোৱে ৬৬ হাজাৰতকৈ অধিক প্ৰতিক্ৰিয়া লাভ কৰিছে।

পোষ্টটো ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত.চাব পাৰিব।
NM VERIFIED
নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি ফটোখন AIৰ দ্বাৰা সম্পাদিত বুলি প্ৰমাণ কৰে।
ফটোকন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত ভাইৰেল পোষ্টটোত কৰা দাবীক সমৰ্থন কৰা কোনো বিশ্বাসযোগ্য বাতৰি, প্ৰামাণিক ফটো বা সামাজিক মাধ্যমৰ পোষ্ট পোৱা নগ’ল। লক্ষণীয় যে, শুভমান গিল, ছাৰা তেণ্ডুলকাৰ বা ছাৰাৰ পিতৃ শচীন তেণ্ডুলকাৰ — কোনেও সামাজিক মাধ্যমৰ নিজা একাউণ্টত এনে ফটো শ্বেয়াৰ কৰা নাই বা এই সন্দৰ্ভত কোনো পোষ্টদিয়া নাই।
নিউজ মোবাইলে ফটোখনত বহু বিসংগতিও লক্ষ্য কৰিছে , উদাহৰণ স্বৰূপে পোহৰৰ তাৰতম্য, মুখাৱয়বৰ অস্বাভাৱিক সংমিশ্ৰণ আৰু অত্যধিক মিহি তথা আদি কেতবোৰ বিসংগতৰ কথা উল্লেখ কৰিব পাৰি। এনে বিসংগতি সকলো ডিজিটেল মাধ্যমেৰে কৰা সম্পাদনাৰ সাধাৰণ লক্ষণ। ইয়াৰ উপৰিও, এআই চিনাক্তকৰণ সঁজুলি ‘হাইভ মডাৰেশ্বন’ৰ দ্বাৰাও নিশ্চিত কৰিছে যে ফটোসমূহ ৯৯.৯% কৃত্ৰিমভাৱে সৃষ্টি কৰা।



শেষত, এই তথ্যসমূহৰ পৰাই ক’ব পাৰি যে ক্ৰিকেট ষ্টেডিয়ামত শুভমান গিলে ছাৰা তেণ্ডুলকাৰক প্ৰপ’জ কৰা বুলি ভাইৰেল হোৱা ফটো ডিজিটেলভাৱে বিকৃত কৰা।