শেহতীয়াকৈ সামাজিক মাধ্যমত এটা বিশেষ ভিডিও প্ৰচাৰ হৈ আছে। বহুল ভাবে প্ৰচাৰিত নাটকীয় ভিডিওটোত দেখুওৱা হৈছে যে এজন নিৰ্মাণশ্ৰমিৰ সৰু কন্যাই দৌৰি আহি তেওঁক আলিংগন কৰে। আলিংগন কৰিবলৈ তেওঁ পূৰ্বে থকা স্থানৰ পৰা অলপ আঁতৰি যোৱাৰ লগে লগে কংক্ৰিটৰ শ্লেব এখন খহি পৰে। যদি তেওঁৰ কন্যা সেই সময়ত তাত উপস্থিত লহলহেঁতেন, তেন্তে সেই শ্লবৰ তলত পৰি তেওঁ নিশ্চিতভাবে মৃত্যুমুখত পৰিল হয়। এই ক্লিপটো কানাডাত ঘটা এক আশ্চৰ্যজনক ঘটনাৰূপে বৰ্ণনা কৰি ভাইৰেল হৈছে আৰু বহু ব্যৱহাৰকাৰীয়ে ইয়াক কেমেৰাত আবদ্ধ হে ৰোৱা বাস্তৱ জীৱনৰ ঘটনা বুলি দাবী কৰিছে।

নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।
ভিডিও ফুটেজটো অধিক সুক্ষ্মভাবে পৰীক্ষা কৰিলে ইয়াৰ সত্যতা সন্দেহজনক বুলি ধৰা পৰে। ভিডিওটোত কেইবাটাও অস্বাভাবিকতা দৃষ্টিগোচৰ হৈছে। কিছুমান ফ্ৰেমত শিশুটোৰ মুখাৱয়ৱ বিকৃত দেখা যায়, আনহাতে কংক্ৰিট ব্লক পৰাৰ পাছত শ্ৰমিকজনৰ ওচৰত থকা সজুলিবোৰৰো আকাৰ আৰু আকৃতিত সলনি হোৱা দেখা যায়।
আমি AI চিনাক্তকৰণ সঁজুলি — হাইভ মডাৰেশ্বন (Hive Moderation) আৰু চাইট ইঞ্জিন (Sight Engine) — ব্যৱহাৰ কৰি ভিডিওটো অধিক বিশ্লেষণ কৰিছিলোঁ। ইয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি ক্ৰমে ৯৯.৮ শতাংশ আৰু ৯৭ শতাংশ ডিজিটেল ৰূপান্তৰ বা সম্পাদনাৰ সম্ভাৱনা আছে বুলি স্পষ্ট হয়।

ইয়াৰোপৰি, কানাডাত কোনো নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত শ্ৰমিকৰ এনে ধৰণৰ কোনো ঘটনা সন্দৰ্ভত বিশ্বাসযোগ্য সংবাদ প্ৰতিবেদন বা চৰকাৰী উৎসত কোনো তথ্য পোৱা নাযায়।
এনেদৰেই স্পষ্ট হয় যে কন্যাৰ বাবেই পিতৃজন ভাগ্যক্ৰমে মৃত্যুৰ পৰা ৰক্ষা পোৱা বুলি দেখুওৱা এই ভাইৰেল ভিডিঅ’টো বাস্তৱ নহয়, বৰং AI-ৰ দ্বাৰা সম্পাদিত ভিডিওহে।