পশ্চিম বংগত স্পেচিয়েল ইনটেনছিভ ৰিভিছন (SIR) প্ৰক্ৰিয়া চলি থকাৰ সময়তে সামাজিক মাধ্যমত এটা ভিডিও ব্যাপকভাৱে প্ৰচাৰিত হৈছে। ভিডিওটোত টুপী পিন্ধা এজন মানুহক দেখা যায়। এই ক্লিপটোত উদং গাৰে থকা এজন মানুহে কেমেৰাৰ সন্মুখত পোনপটীয়াকৈ কথা কৈ আছে আৰু তেওঁ নিজকে কলকাতাত বসবাস কৰা এজন বাংলাদেশী নাগৰিক বুলি পৰিচয় দি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ সমৰ্থক বুলি দাবী কৰিছে।
ভিডিঅ’টোত মানুহজনক এইদৰে কোৱা শুনা যায়— “মই চুপাৰপাৱাৰ বাংলাদেশৰ পৰা আহিছোঁ। মই কলকাতাত থাকো আৰু মই মমতা বেনাৰ্জীক সম্পূৰ্ণ সমৰ্থন কৰোঁ। আমি বাংলাদেশীয়ে শীঘ্ৰেই পশ্চিম বংগত শাসন কৰিম। মোৰ কথাটো মনত ৰাখিবা, ভাই।”
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) পাব।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু ভিডিওটো AIৰ দ্বাৰা সম্পাদিত বুলি প্ৰতিপন্ন হয়।
বাংলাদেশৰ কোনো ব্যক্তিয়ে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ কঠোৰ সমৰ্থক বুলি কোনো নিৰ্ভৰযোগ্য বাতৰি বা উৎসত উল্লেখ কৰা হোৱা নাই।
অধিক স্পষ্টতাৰ বাবে অনুসন্ধান কৰি আমি কেইবাটাও দৃষ্টিগোচৰ বিসংগতি লক্ষ্য কৰিছোঁ। যেনে—পিছফালে থকা কেতবোৰ উপাদান মানুহ আহা-যোৱা কৰাৰ লগে লগে ম্লান হৈ অহা-যোৱা কৰে। লগতে মুখ্য বক্তাৰ পিছফালে থিয় হৈ থকা মানুহজন গোটেই ক্লিপটো জুৰি সম্পূৰ্ণভাৱে লৰচৰ নকৰাকৈ, ভাবহীন হৈ থাকে—একেধৰণৰ স্থিৰ মুখাৱয়ৱ, এয়া AI-এ সৃষ্টি কৰা ভিডিওতহে সাধাৰণতে দেখা পোৱা এটা বৈসাদৃস্য। ইয়াৰ উপৰিও, ভিডিওটোৰ ওপৰৰ সোঁফালে ‘SORA’ নামৰ ৱাটাৰমাৰ্ক দেখা যায়। এইটো হ’ল OpenAI-ৰ উন্নত টেক্স্ট-টু-ভিডিঅ’ নিৰ্মাণ সজুলি।
ইয়াৰ লগতে, AI চিনাক্তকৰণ সঁজুলি হাইভ মডাৰেশ্বন (Hive Moderation)-এও নিশ্চিত কৰিছে যে ভাইৰেল ভিডিঅ’টো প্ৰকৃততে AI-এৰ দ্বাৰা সৃষ্ট।

এনেদৰেই স্পষ্ট হয় যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ এজন বাংলাদেশী সমৰ্থক বুলি দাবী কৰা এই ভাইৰেল ভিডিওটো মিছা বৰ্ণনাৰে ডিজিটেলভাৱে বিকৃত কৰা হৈছে।