ট্ৰেক্টৰৰ এটা বিশাল ৰেলীৰ ভিডিও সামাজিক মাধ্যমত বহুলভাৱে প্ৰচাৰ কৰা হৈছে। বহু ব্যৱহাৰকাৰীয়ে এই ভিডিও’টো ৰাজস্থানত কৃষকে আৰাৱলী পৰ্বতমালা সংৰক্ষণৰ বাবে কৰা প্ৰতিবাদ বুলি দাবী কৰিছে।
A এজন ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো এই কেপচনসহ পোষ্ট কৰি লিখিছে: ৰাজস্থানবাসীয়ে ২,৫০০ লোকক লগত লৈ এটা ডাঙৰ ৰেলী উলিয়াইছে, লক্ষ্য আৰাৱলীৰ সুৰক্ষা! আৰাৱলী থাকিলে জীৱন আছে #rajasthan #Aravalli
ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলে ভাইৰেল পোষ্টটো পৰীক্ষা কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
ভাইৰেল ভিডিওটোৰ কী-ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্চত দিয়াত নিউজ মোবাইলৰ দলটোৱে ২০২৫ চনৰ ১৭ ছেপ্টেম্বৰত প্ৰকাশিত এটা ইনষ্টাগ্ৰাম পোষ্ট দেখা পায়। এই পোষ্টটোতো একেই ভিডিও ব্যৱহাৰ কৰা হৈছে। পোষ্টটোত উল্লেখ থকা অনুসাৰে, এই দৃশ্যসমূহ মধ্যপ্ৰদেশৰ উজ্জেইনত অনুষ্ঠিত কৃষকৰ ঐক্য ৰেলীৰ।
লগতে আমি এটা ভিডিও প্ৰতিবেদনো পাইছো। এই ভিডিওটোত নিশ্চিত কৰা হৈছে যে এই দৃশ্যসমূহ উজ্জয়িনত হোৱা এটা ট্ৰেক্টৰ ৰেলীৰ। প্ৰতিবেদনত উল্লেখ কৰা অনুসাৰে, স্থায়ী ভূমি অধিগ্ৰহণৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ ৫,০০০ৰো অধিক কৃষকে এই ৰেলীত অংশ লৈছিল আৰু পাছত প্ৰতিবাদকাৰীয়ে চৰকাৰক ১৫ দফীয়া দাবীৰ তালিকা দাখিল কৰিছিল।
এই তথ্যৰ পৰাই স্পষ্ট হয় যে এই ভিডিওটো ৰাজস্থানত কৃষকে আৰাৱলী পৰ্বতমালা সংৰক্ষণৰ বাবে কৰা প্ৰতিবাদ দেখুওৱা নহয়। ভাইৰেল পোষ্টত কৰা দাবীটো ভিত্তিহীন, ভুৱা।