এখন চলন্ত ৰে’লৰ কাষে কাষে এটা নাহৰফুটুকী বাঘ দৌৰি থকা আৰু হঠাৎ এজন যাত্ৰীক আক্ৰমণ কৰা বুলি দাবী কৰি এটা ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈছে। কেইবাগৰাকীও ব্যৱহাৰকাৰীয়ে এই ভিডিওটো মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ ওচৰত নাহৰফুটুকী বাঘে ৰে’ল খেদি যাত্ৰীক আক্ৰমণ কৰাৰ দৃশ্য বুলি কৈ শ্বেয়াৰ কৰিছে।
এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ভিডিঅ’টো পোষ্ট কৰি কেপচনত লিখিছিল: অমৰাৱতীৰ বাডনেৰা, গোপাল নগৰৰ ওচৰত চলন্ত ৰেলত নাহৰফুটুকী বাঘৰ আক্ৰমণ, এজন যাত্ৰী নিহত। ৰেলখন বনাঞ্চল বা খেতিৰ মাজেৰে যোৱাৰ সময়ত সদায় ৰেলৰ দুৱাৰ বন্ধ কৰি ৰাখিব লাগে, কাৰণ এই ঠাইত বনৰীয়া জন্তুৰ আক্ৰমণৰ বিপদ সদায় থাকে।

ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাব পাৰিব
নিউজ মোবাইলৰ পৰীক্ষণ
নিউজ মোবাইলে ভাইৰেল পোষ্টটোৰ সন্দৰ্ভত অনুসন্ধান কৰি পোষ্টটোৰ সৈতে কৰা দাবী মিছা বুলি প্ৰমাণ কৰে।
এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলৈ নিউজ মোবাইলৰ দলে ভিডিওটোৰ মুখ্য বা কী ফ্ৰেমৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্চত দিয়াৰ পাছত ২০২৫ চনৰ ৩০ ডিচেম্বৰত X (পূৰ্বৰ টুইটাৰ)ত প্ৰকাশিত এটা পোষ্টলৈ সন্ধান পায়। সেই পোষ্টটোত বন বিভাগৰ এজন বিষয়াৰ স্পষ্টীকৰণ আছিল, স্পষ্টীকৰণটোত কোৱা হৈছিল যে এই ভিডিঅ’টো সত্য নহয়, ইয়াক কৃত্ৰিম বুদ্ধিমত্তা (AI) ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।
বন বিভাগৰ বিষয়া অমল গাভনেৰেও নিশ্চিত কৰে যে এই ক্লিপটো AI-ৰ দ্বাৰা সম্পাদিত। তেওঁ ভিডিওটোত কিছুমান অমিলৰ কথা উল্লেখ কৰি কয় যে অমৰাৱতীৰ ওচৰৰ এলেকাত কেৱল এটা ৰে’লপথ আছে, কিন্তু ভাইৰেল ভিডিওটোত একাধিক ৰেলপথ দেখা যায়। ই অঞ্চলটোৰ ভৌগলিক অবস্থানৰ সৈতে মিল নোখোৱা।
AMRAVATI | A viral video claiming a leopard chasing a train on the Gopal Nagar railway track is fake, clarified Amol Gavner of the Forest Department. Officials said the clip is AI-generated—the area has only one track, while the video shows multiple tracks, which doesn’t match… pic.twitter.com/tO4Nk5HD6e
— Hathoda Post (@HathodaPost) December 29, 2025
ইয়াৰোপৰি, এটা মাৰাঠী সংবাদ প্ৰতিষ্ঠানৰ প্ৰতিবেদনতো বন বিভাগৰ বক্তব্য প্ৰকাশ পাইছে। প্ৰতিবেদনত উল্লেখিত বক্তব্যত নিশ্চিত কৰা হৈছে যে অমৰাৱতীৰ ৰেলপথৰ ওচৰত চিতা বাঘ দেখা যোৱা বুলি প্ৰচাৰিত ভিডিওটো ভুৱা। লগতে ইয়াকো সকীয়াই দি কোৱা হৈছে যে এই বিভ্ৰান্তিকৰ বিষয়বস্তু সৃষ্টি আৰু প্ৰচাৰ কৰা লোকসকলৰ
এই তথ্যৰ পৰাই নিশ্চিতভাৱে ক’ব পাৰি যে এই ভিডিওটোত অমৰাৱতীৰ ওচৰত নাহৰফুটটুকী বাঘে যাত্ৰীক আক্ৰমণ কৰা কোনো দৃশ্য নাই। গতিকে ভাইৰেল দাবীটো সম্পূৰ্ণ মিছা বুলি প্ৰমাণ হ’ল।