প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে নতুন দিল্লীৰ এনডিএমচি কনভেছন চেণ্টাৰত আয়োজিত ভাৰতীয় জনতা পাৰ্টী(বিজেপি)ৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে।
ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত অংশ লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজধানী চহৰখনৰ পেটেত চ’কৰ পৰা পাৰ্লিয়ামেণ্ট ষ্ট্ৰীটলৈ আয়োজিত এটা বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে।
এই ৰ’ড শ্ব’ত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমন, ৰাজনাথ সিং আৰু ডঃ এছ জয়শংকৰকে ধৰি বিজেপিৰ কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে।
এই অনুষ্ঠানটোট কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডায়ো অংশোগ্ৰহণ কৰে।
বিজেপিৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি দলটোৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত দেশৰ অৰ্থনৈতিক, ৰাজনৈতিক পৰিস্থিতিৰ লগতে আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত আলোচনা কৰা হয়।লগতে এই বছৰতে ৯খন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন আৰু অহা বছৰ হ’বলগীয়া লোকসভা নিৰ্বাচন সম্পৰ্কেও বিশদভাবে আলোচনা কৰা হয়।
গুজৰাটৰ বিশাল জয়ৰ পাছত এয়াই দলটোৰ প্ৰথমখন বৃহত্ সভা আছিল।