এটা নাহৰফুটুকীয়ে গাড়ী এখনত আক্ৰমণ চলোৱা এটা ভিডিও শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এই ঘটনা ডেৰাডুনৰ অৰন্য গবেষণা প্ৰতিষ্ঠান (FRI )ৰ।
পোষ্টটোত উল্লেখ আছে- “ডেৰাডুনৰ FRIবাসী সাৱধান হওক। FRIত সঘনে আক্ৰমণ চলাইছে নাহৰফুটুকীয়ে। FRI ১৫ দিনৰ বাবে ছীল (বন্ধ) কৰি দিয়া হৈছে।”
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটোত কৰা দাবী ভুৱা বুলি প্ৰতিপন্ন হয়।
আমি মূল শব্দ বা কী ৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান কৰাত হিন্দুস্তান টাইমচৰ ২৭ ডিচেম্বৰ ২০২২ সংখ্যাত একেটা ভিডিও দেখা পালো। বাতৰিটোৰ মতে এই ঘটনা অসমৰ যোৰহাটত সংঘটিত হৈছিল।
ভিডিওটোৰ বিৱৰণিত লিখা আছে : যোৱা ২৪ ঘণ্টাট অসমৰ যোৰহাট জিলাত নাহৰফুটুকীৰ আক্ৰমণত বন বিষয়াসহ কমেও ১৩গৰাকী লোক আহত হৈছে। ভাইৰেল হৈ থকা ভিডিওটোত নাহৰফুটুকীটোৱে এখন ভানৰ ভিতৰত সোমাবলৈ চেষ্টা চলোৱা দেখা গৈছে। এই ঘটনাটো বৰ্ষাৰণ্য গবেষণা কেন্দ্ৰৰ অঞ্চল (Rain Forest Research Institute– RFRI)ত সংঘটিত হৈছিল আৰু এই অঞ্চলৰেই কোনো অংশৰ পৰা নাহৰফুটুকীটো বাহিৰলৈ ওলাই যোৱা বুলি ধাৰণা কৰা হৈছিল।
একেটা ভিডিওকেই ২০২২ৰ ২৭ ডিচেম্বৰত মিৰৰ নাউ আৰু ইণ্ডিয়া টুডে’ টো প্ৰচাৰ হৈছিল। দুয়োটা বাতৰিতেই এই ঘটনাটো অসমৰ বুলি উল্লেখ কৰা আছে।
এই তথ্যই প্ৰমাণ কৰে যে ভাইৰেল পোষ্টটোত কৰা দাবী ভুৱা, এই ঘটনাটো প্ৰকৃততে অসমতহে সংঘটিত হৈছিল।
আপোনাৰো যদি কোনো বিষয় বা বাতৰিৰ সত্যতা নিৰূপণ কৰিব বিচাৰে তেন্তে +91 11 7127 979l9 এই নম্বৰত প্ৰেৰণ কৰক।