সত্যতা নিৰূপণ: ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ ২০২৩ৰ ফটোকেই প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া শপত গ্ৰহণ সমাৰোহৰ ভিডিও বুলি প্ৰচাৰ কৰা হৈছে

0 3,268

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ কেবিনেটে ৯ জুনত শপত গ্ৰহণ কৰাৰ কিছুদিন পাছতেই ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ এখন ফটো সামাজিক মাধ্যমত ভাইৰেল হৈছে। সামাজিক মাধ্যম ব্যৱহাৰ কৰা বহু লোকে এই ফটোখনত ৰাহুল গান্ধীক শপত গ্ৰহণ সমাৰোহত অংশ লোৱাৰ সময়ৰ বুলি দাবী কৰিছে।

এজন ফেচবুক ব্যৱহাৰকাৰীয়ে ফটোখন শ্বেয়াৰ কৰি লিখিছে: কিছু সময় পূৰ্বে ৰাহুল গান্ধীয়ে ৰা,্ট্ৰপতি ভৱনত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠান উপভোগ কৰিছে… জয় হো।  



ওপৰৰ পোষ্টটো ইয়াত (আৰ্কাইভ) চাওক।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।

ভাইৰেল ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত  নিউজ মোবাইৰ  দলে কংগ্ৰেছ পাৰ্টীৰ নিজা X হেণ্ডেলত ২৮ ডিচেম্বৰ ২০২৩ত একেধৰণৰ ফটো এখন প্ৰচাৰ কৰা দেখিলে। তাৰ কেপচনত আছে: “দৃঢ় হৃদয় আৰু স্থিত মান,িকতাৰে আমি আমাৰ ৰাষ্ট্ৰখনৰ বিকাশৰ বাবে প্ৰতিজ্ঞাবদ্ধ। জয় কংগ্ৰেছ।

দ্য ইকনমিক টাইমছৰ মতেপ্ৰধানমন্ত্ৰী মোদীৰ ৯জুনৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকা গণ্য-মান্য ব্যক্তিসকলৰ ভিতৰত বলিউডৰ তাৰকা শ্বাহৰুখ খান, অনুলি কাপুৰ আৰু ৰজনীকান্ত, উদ্যোগপতি গৌতম আদানী আৰু মুকেশ আম্বানী উল্লেখযোগ্য। শপতগ্ৰহণ অনুষ্ঠানত কেইবাখনো ৰাজ্যৰ মুৰৱ্ৱীও উপস্থিত আছিল।

অৱশ্যে সপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ সাংসদ ৰাজীৱ গান্ধীক দেখা নাছিল। কংগ্ৰেছ নেতাজন শপতগ্ৰহণ অনুষ্ঠানত উপস্থাত থকাহেঁতেন সংবাদ মাধ্যমে তেওঁৰ ভিডিও বা ফটো প্ৰচাৰ কৰিলেহেঁতেন। উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ মুৰব্বী মাল্লিকাৰ্জুন খৰ্গে  উপস্থিত আছিল।

ইয়েই স্প,্ট কৰে যে ২০২৩ৰ ৰাহুল-প্ৰিয়ংকা গান্ধীৰ ফটোকেই ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীৰ শেহতীয়া শপত গ্ৰহণ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ৰ ফটো বুলি ভুৱাকৈ প্ৰচাৰ কৰা হৈছিল।

If you want to fact-check any story, WhatsApp it now on +91 11 7127 9799

    FAKE NEWS BUSTER

    Name

    Email

    Phone

    Picture/video

    Picture/video url

    Description

    Click here for Latest Fact Checked News On NewsMobile WhatsApp Channel