সত্যতা নিৰূপণ : হাৰ্দিক পাণ্ডিয়া আৰু তেওঁৰ প্ৰেমিকা মহীকাৰ ভাইৰেল ফটো AI-দ্বাৰা সৃষ্টি কৰা

0 320

ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই তেওঁৰ প্ৰেমিকা মহীকা শৰ্মাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে বহুসময়তে মুকলিকৈ প্ৰকাশ কৰিছে আৰু দুয়োৰে যুগল ফটো প্ৰচাৰো কৰিছে।
এনে সময়তেই বিদেশৰ এটা ব্যস্ত পথত দুয়োকে হাত ধৰি ফুৰা এখন ফটো সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈছে।
মহেন্দ্ৰ ৰাজপুতে শ্বেয়াৰ কৰা এটা ফেচবুক পোষ্টত ফটোখনৰ কেপচনত লিখিছে ‘মোহময়ী প্ৰেয়সীৰ সৈতে হাৰ্দিক পাণ্ডিয়া ’ বুলি উল্লেখ কৰা হৈছিল।

ইনষ্টাগ্ৰামতো একে ধৰণৰ ছবি শ্বেয়াৰ কৰা দেখা গৈছে। ছবিখন আপুনি ইয়াত চাব পাৰে।
সত্যতা নিৰূপণ
নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু এই পোষ্টটো ভুৱা আৰু AI ৰ দ্বাৰা সম্পাদিত বুলি প্ৰতিপন্ন কৰা হয়।
ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্ছত দিয়াত কোনো বিশ্বাসযোগ্য সংবাদ মাধ্যম বা ভৰসাযোগ্য উৎসত

এই ফটো প্ৰকাশ পোৱাৰ তথ্য পোৱা নহ’ল। হাৰ্দিক পাণ্ডিয়া বা মহীকা শৰ্মাৰ নিজা সামাজিক মাধ্যম একাউন্টতো এইধৰণৰ কোনো ছবি শ্বেয়াৰ কৰা দেখা পোৱা নগ’ল।
ফটোখন মনযোগ সহকাৰে পৰীক্ষা কৰোঁতে AI-ৰ দ্বাৰা সম্পাদনা কৰাৰ সুস্পষ্ট চিহ্ন দেখা যায়—অতি মসৃণ ছালৰ গঠন, পোহৰৰ বিসংগতি, আৰু হাৰ্দিক পাণ্ডিয়াৰ হাতত সাধাৰণতে থকা টেটু দেখা নগ’ল।
অধিক নিশ্চিত হ’বলৈ, নিউজ মোবাইলে ফটো Hive Moderation আৰু WasItAI নামৰ AI-নিৰ্ণায়ক সজুলি বা টুলৰ ব্যৱহাৰ কৰি পৰীক্ষা কৰিছিল, আৰু দুয়ো টুলেই ছবিসমূহ কৃত্ৰিমভাৱে সৃষ্টি কৰা বুলি নিশ্চিত কৰিছে।


এনেদৰেই হাৰ্দিক পাণ্ডিয়াৰ প্ৰেমিকাৰ সৈতে ভাইৰেল ছবিখন AI-দ্বাৰা সৃষ্টি কৰা বুলি নিশ্চিত কৰা বুলি নিশ্চিত কৰা হয়।