২০২৪ চনৰ ২৫ নবেম্বৰত নিশাৰ ভাগত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, বৰ্তমান কাৰাবন্দী ইমৰান খানৰ সহস্ৰ সমৰ্থকে ইছলামাবাদত আৰক্ষীৰ বেৰিকেড ভাঙি তেওঁৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত প্ৰতিবাদকাৰীক পাকিস্তানৰ প্ৰতিৰক্ষা বাহিনীয়ে এই লোকসকলক খেদি পঠিয়াইছিল। এনে সময়তে পথৰ ওপৰত অজস্ৰ লোকৰ সমাৱেশ হোৱা এখন ফটো সামাজিক মাধ্যমত বহুল প্ৰচাৰ হৈছে। বহুতে এয়া ইছলামাবাদৰ শেহতীয়া প্ৰতিবাদৰ সময়ৰ ফটো বুলি দাবী কৰিছে।
একে ধৰণৰ দাবী ইয়াত, ইয়াত আৰু ইয়াত. (আৰ্কাইভ লিংক) পাব।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
নিউজ মোবাইলৰ দলে ৰিভাৰ্ছ ইমেজ চাৰ্ছৰ সহায়ত ফটোখন সন্দৰ্ভত অনুসনধান কৰাত একেখন ফটোকেই ২০২৪ৰ ৫ জুলাইত প্ৰচাৰিত ইনষ্টাগ্ৰামৰ বহুকেইটা পোষ্টত দেখা পালে। ফটোখনৰ সৈতে কেপচনত লিখা আছিল “ঐতিহাসিক!! টীম ইণ্ডিয়া! মুম্বাইৰ মেৰীণ ড্ৰাইভ। মেৰীণ ড্ৰাইভত আজি বিজয়োত্সৱ অনুষ্ঠিত হয়। T20 বিশ্বকাপ অৰ্জনৰ পাছত মুম্বাইৰ মেৰীণ ড্ৰাইভত টীম ইণ্ডিয়াৰ বিজয় সমদল।
View this post on Instagram
মূল শব্দ ব্যৱহাৰ কৰি আৰু অধিক অনুসন্ধান কৰাত আমি The New Indian Expressত ২০২৪ৰ ৪ জুলাইৰ ভাৰতৰ T20 বিস্ব কাপৰ বিজয় শোভাযাত্ৰাৰ বাতৰিটো লাভ কৰিলোঁ। তাৰ শিৰোনামত আছিল “T20 বিশ্ব কাপ বিজয়: মুম্বাইৰ মেৰীণ ড্ৰাইভত টীম ইণ্ডিয়াৰ বিজয় শোভাযাত্ৰা। ” উল্লেখনীয়, ভিডিওটোৰ বহুকেইটা দৃশ্যৰ ভাইৰেল ফটোখনৰ সৈতে মিল আছে।
দ্য ইণ্ডিপেণ্ডেণ্ট, কাৰ্লি টেলছ, আৰু মৰুং এক্সপ্ৰেছ, তো ২০২৪ ৫ জুলাইত একেখন ফটোসহ এই বাতৰিটো প্ৰচাৰ হৈছিল। বাতৰিটোত T20 বিশ্বকাপ জয়ৰ পাছত ৪ জুলাইত “টীম ইণ্ডিয়া উত্সব” ত অংশ লোৱাৰ বাবে মুম্বাইৰ লাখ লাখ লোক গোট খাইছিল বুলি উল্লেখ আছে। ।ভাৰতীয় দলটো ভিষ্টাৰা বিমানেৰে মুম্বাইত উপস্থিত হোৱাৰ সময়ত মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ (CSMIA)ত সহস্ৰ লোকে আদৰণি জনাইছিল। তাৰ পৰা নাৰিমন পইণ্টা আৰু তাৰ পৰা ১.৮ কিলোমিটাৰ দুৰত্বৰ ৱাংখেৰে ষ্টেডিয়ামলৈ সমৰ্থকে পথৰ দুয়োকাষে শাৰি পাতি দলটোক আদৰণি জনাইছিল।
এনেদৰেই স্পষ্ট হয়, ভাইৰেল হোৱা ফটোখন পাকিস্তানৰ নহয়, টীম ইণ্ডিয়াই T20 বিশ্বকাপ জয়ৰ পাছত অনুষ্ঠিত বিজয় উত্সবৰ ৰেলীৰহে ফটো।