মাৰ্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনে প্ৰধানমন্ত্ৰী মোদীক আওকান কৰাৰ দৰে দেখা এটা ভিডিও সামাজিক মাধ্যমত ভাইৰেল হৈছে। মোদীৰ আমেৰিকা ভ্ৰমণৰ সময়তে এই ভিডিওটো ভাইৰেল কৰা হৈছে
পোষ্টটোত লিখা আছিল : ইয়াকে কয় আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকেই খা। বৰ লজ্জাজনক ঘটনা এয়া, আমি ইয়াৰ প্ৰবল বিৰোধ কৰিছো। প্ৰধানমন্ত্ৰীৰ লগত এনে ব্যৱহাৰ কৰা অনুচিত আছিল। মোদীজীক আমেৰিকা ভ্ৰমণৰ স্বাগতম হিচাপে এনেদৰে টোপধ্বনি দিয়া হৈছে।
ওপৰৰ পোষ্টটোৰ লিংক ইয়াত আছে।
সত্যতা নিৰুপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰুপণ কৰি এই পোষ্টটোৰ দাবী ভুৱা বুলি নিশংচিত কৰিছে।
ভিডিওটোৰকী ফ্ৰেমৰ স্ক্ৰীণশ্বটৰ ফটো ৰিভাৰ্ছ ইমেজ চাৰ্ছত দি অনুসন্ধান কৰাত আমি ২০০ৰ মে’ত আপলোড কৰা ভিডিওটোৰ পূৰ্ণ দৈৰ্ঘ ভিডিওটো লাভ কৰিলো। তথ্য অনুসৰি এই ভিডিওটো ২০২২ত আমেৰিকা, আষ্ট্ৰেলিয়া আৰু ভাৰতৰ ৰাষ্ট্ৰনেতাসকলৰ সন্মিলনৰ সময়ৰ বুলি উল্লেখ কৰা হৈছে।
পূৰ্ণ দৈৰ্ঘৰ ভিডিওত ৰাষ্ট্ৰপতি বাইডেনে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী আলবেনছৰ সৈতে হাঁহি হাঁহি কথা পাতি থকা দেখা গৈছে।
২০২২ৰ ২৪ মে’ত NDTV-এ আপলিড কৰা আন এটা ভিডিওত বাইডেনক প্ৰধানমন্ত্ৰী মোদীৰ সৈতে কৰমৰ্দন কৰি থকা দেখা গৈছে। এই চাৰি দেশীয় সমাৰোহত ভাৰত , জাপান, আমেৰিকা আৰু আষ্ট্ৰেলিয়াৰ নেতাসকলে অংশ লৈছিল।
আৰু অধিক অনুসন্ধানত বাইডেনে মোদীক কোভিড ১৯ৰ সময়ত অতি সফলতা আৰু দক্ষতাৰে মোকাবিলা কৰাৰ বাবে অভিনন্দন জনোৱাৰ বাতৰো লাভ কৰিলো। এই বাতৰি ইয়াতr আৰু ইয়াত পাব।
এই বিশ্লেষণৰ পৰাই প্ৰমাণ হয় যে ভিডিওটো পুৰণি; সেয়ে পোষ্টটোত কৰা দাবীও ভিত্তিহীন।