সত্যতা নিৰূপণ: নীতিন গাডকাৰীৰ বুলি দাবী কৰা ট’ল টেক্স সন্দৰ্ভৰ ভাইৰেল বাৰ্তা এটা ভুৱা

0 109

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰীৰ বুলি দাবী কৰা এটা বাৰ্ত সামাজিক মাধ্যমত ভাইৰেল হৈছে। বাৰ্তাটোত উল্লেখ কৰা অনুসৰি টল গেটত এবাৰ টল কৰ আদায় দিলে ১২ ঘণ্টালৈ সেয়া বৈধ হৈ থাকিব, অৰ্থাত্ এই সময়চোৱাত একেটা টল গেটত পুনৰ টল দিয়াৰ প্ৰয়োজন নাই।

ভাইৰেল বাৰ্তাটোত আছে-আপুনি টল প্লাজাত কৰ পৰিশোধ কৰাৰ সময়ত যদি আপোনাক প্ৰশ্ন কৰে যোৱাৰ নে অহা যোৱা দুয়োবাৰৰ কাৰণে কৰ দিব, তেন্তে তেওঁলোকক কৈ দিব, আপুনি কব যে এই কৰ আপুনি ১২ ঘণ্টাৰ বাবে দিছে, অহা বা যোৱাৰ বাবে নহয়, ১২ ঘণ্টাৰ বাবে আৰু আপুনি কৰ দিব নালাগে। ধন্যবাদ, নীতিন গাডকাৰী, ভাৰত চৰকাৰ।   

ওপৰৰ  পোষ্টটো ইয়াত চাব পাৰিব।

সত্যতা নিৰূপণ

নিউজ মোবাইলে এই পোষ্ট সন্দৰ্ভত অনুসন্ধান কৰি এয়া ভুৱা বুলি প্ৰতিপন্ন কৰে।

আমি একে ধৰণৰ বাৰ্তাৰ সন্দৰ্ভত অনুসন্ধান কৰাত এই বিসেষ বাৰ্তাটো ২০১৭ চনতেই প্ৰচাৰ কৰা দেখা পালো।

আমি  পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰালয়ৰ টুইটাৰ হেণেডেলত ২০১৮ চনৰ ২৮ ডিচেম্বৰতেই এই ভাইৰেল দাবীটো অমূলক বুলি প্ৰকাশ কৰা দেখা পালো।

 তেওঁলোকে এক প্ৰেছ বাৰ্তাসহ টুইটটোত উল্লেখ কৰিছে-  MoRTHএ জানিবলৈ পাইছে যে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে টল কৰ সন্দৰ্ভত প্ৰচাৰ কৰা বুলি দাবী কৰা এটা  বাৰ্তা বিভিন্ন মাধ্যমত প্ৰচাৰ হৈ আছে। এই সন্দৰ্ভত  MoRTH ৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া হয় যে এই বাৰ্তাটো ভুৱা। 

প্ৰেছ বাৰ্তাটোত উল্লেখ আছে-  ‘চৰকাৰে বান্ধি দিয়া ট নিৰিখ MORTHৰ দ্বাৰা ২০০৮ চনৰ ৫ ডিচেম্বৰতেই এখন জাননী যোগে প্ৰকাশ কৰা হৈছে।’.

 

ইয়াৰ পৰাই স্পষ্ট হয় যে ভাইৰেল পোষ্টটোত থকা বাৰ্তাটো সত্য নহয়।

আপোনাৰো যদি কোনো বাতৰি বা তথ্য সন্দৰ্ভত সত্যতা নিৰূপণ কৰিবলগীয়া আছে,   +91 11 7127 9799তেন্তে এই নম্বৰত হোৱাটচ আপ কৰক