ABP নিউজৰ এটা বাতৰিৰৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যমত বহুলভাবে ভাইৰেল হৈছে। তাৰ সৈতে সংলগ্ন কৰা হৈছে এটা প্ৰৰোচনামূলক কেপচন : “হ্ন্দু যুবতীসকলে মুছলমান যুবকৰ প্ৰেমতহে পৰে কিয়?” ফটোখনত চাৰিগৰাকী হিন্দু যুবতীক এজন মুছলমান যুবকৰ সৈতে দেখা গৈছিল।
ফেছবুকত প্ৰচাৰ হোৱা ফটোখনৰ কেপচনত আছে: এয়া ভাৰতীয় সংবাদ মাধ্যম, এই অন্তৰ্যামীক প্ৰণাম।
ওপৰৰ পোষ্ট টোৰ লিংক(আৰ্কাইভ) লিংক ইয়াত আছে।
সত্যতা নিৰূপণ
নিউজ মোবাইলে এই সন্দৰ্ভত সত্যতা নিৰূপণ কৰি এই দাবী ভুৱা বুলি প্ৰতিপন্ন কৰে।
একে ধৰণৰ কী ৱৰ্ড বা মূল শব্দ ব্যৱহাৰ কৰি গুগল অপেন চাৰ্ছ টুলৰ সহায়ত অনুসন্ধান কৰাত নিউজ মোবাইলৰ দলে ১৩ নৱেম্বৰত ABPlive.com ত প্ৰকাশিত এটা বাতৰি লাভ কৰিলে। তাত ABP Live এ ভাইৰেল হোৱা স্ক্ৰীণশ্বটৰ ফটোখন ভুৱা বুলি স্পষ্ট কৰি দিয়ে। “ABP News ৰ তৰফল পৰা তেনে ধৰণৰ কোনো ফটো বা বাতৰি প্ৰচাৰ কৰা নাই। ভাইৰেল স্ক্ৰীণশ্বটটো ভুৱা। কোনো অসামাজিক চক্ৰই এয়া প্ৰচাৰ কৰিছে। ”
একেদৰে ABP Newsৰ নিজা X, হেণ্ডেলতো ১৩ নবেম্ৱৰৰ একেটা পোষ্ট প্ৰচাৰ হৈছে। তাত লিখা আছে: “সামাজিক মাধ্যমত প্ৰচাৰিত এই পোষ্টটোৰ সৈতে ভুৱা দাবীৰে ABP Newsক সাঙোৰা হৈছে, ই সম্পূৰ্ণ অসত্য। আমাৰ কোনো এটা সামাজিক মাধ্যম হেণ্ডেলৰ পৰা এনে ফটো প্ৰচাৰ হোৱা নাছিল। কোনোৱে সাম্প্ৰদায়িক বিবদ সংঘটিত কৰাৰ লক্ষ্যৰে মিছাকৈ এনে পোষ্ট শ্বেয়াৰ কৰিছে। অনুগ্ৰহ কৰি এনে প্ৰৰোচনামূলক প্ৰচাৰৰ পৰা আঁতৰত থাকক। সঠিক তথ্যৰ বাবে কেৱল আমাৰ নিজা সামাজিক মাধ্যম হেণ্ডেসসমূহৰ ওপৰতহে বিশ্বাস ৰাখক। ”
abp न्यूज़ के नाम पर सोशल मीडिया पर फैलाया जा रहा है यह पोस्ट कार्ड पूरी तरह से फर्जी है. इस तरह की कोई भी पोस्ट abp न्यूज़ के सोशल मीडिया हैंडल से शेयर नहीं हुई हैं. आपसी सौहार्द्र बिगाड़ने के उद्देश्य से कुछ असामाजिक तत्व ऐसी पोस्ट शेयर कर रहे हैं. हम ऐसे लोगों के खिलाफ कानूनी… pic.twitter.com/jsSacUchY1
— ABP News (@ABPNews) November 13, 2024
এই তথ্যৰ পৰাই স্পষ্ট হয়, , ভাইৰেল স্ক্ৰীণ শ্বটটো ABP News ৰ দ্বাৰা প্ৰচাৰ হোৱা নাই। ভাইৰেল পোষ্টত কৰা দাবী ভুৱা।