পৰীক্ষা কৰা হ’ল: উত্তৰ-পূব চীনত PLA-ই সামৰিক অনুশীলন কৰ এটা পুৰণি ভিডিও ভুৱা তথ্যৰে অৰুণাচল সীমান্ত উত্তেজনাৰ সৈতে সংযোগ কৰা হৈছে

0 385

চীনে অৰুণাচল প্ৰদেশ সীমান্তৰ ওচৰত বৃহৎ সামৰিক অনুশীলন তথা সমৰসজ্জা চলাই আছে বুলি সামাজিক মাধ্যমত এটা ভিডিঅ’ ব্যাপকভাৱে প্ৰচাৰিত। ১ মিনিট ৩৪ ছেকেণ্ড দৈৰ্ঘ্যৰ এই ক্লিপটোত চীনা সৈন্যই লাইভ-ফায়াৰ সামৰিক অনুশীলন চলোৱা দেখা যায় আৰু এই ভিডিওটোকেই ভাৰত–চীন সীমান্তত সামৰিক চীনৰ তৎপৰতা বৃদ্ধি হোৱা বুলি প্ৰচাৰ কৰা হৈছে।

এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ভাইৰেল ভিডিওতো পোষ্ট কৰি  কেপচনত লিখিছে— 

নৰেন্দ্ৰ মোদী আৰু বিদেশ মন্ত্ৰালয় (MEA) নীৰব কিয়?

চীনে অৰুণাচল প্ৰদেশৰ ওচৰত বৃহৎ পৰিসৰৰ সমৰসজ্জা আৰম্ভ কৰিছে।

ওপৰৰ পোষ্টটো ইয়াত চাব পাৰিব। 

নিউজ মোবাইলৰ পৰীক্ষণ

নিউজ মোবাইলৰ দ্বাৰা এই পোষ্ট সন্দৰ্ভত সত্যতা নিৰূপণ কৰা হয় আৰু পোষ্টটো ভুৱা বুলি প্ৰতিপন্ন হয়।

ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ফটো ব্যৱহাৰ কৰি অনুসন্ধান কৰাৰ পাছত ইয়াৰ মূল উৎস উদ্ধাৰ কৰা হয়। চীনৰ চৰকাৰী সংবাদ মাধ্যম চাইনা গ্ৰোবেল টেলিভিছন নেটৱৰ্ক(CGTN)-তো একেই ভিডিও ২০২৫ চনৰ ১৩ নৱেম্বৰত প্ৰকাশ কৰিছিল। 

মূল পোষ্টত CGTN-এ উল্লেখ কৰিছিল যে এই ভিডিঅ’টোত পিপল্‌ছ লিবাৰেচন আৰ্মী (PLA)-ৰ এটা স্থল বাহিনীৰ ইউনিটে লাইভ-ফায়াৰৰ অনুশীলন চলোৱা দেখুওৱা হৈছে ইয়াত দীঘলীয়া সময় উৰি থাকিব পৰা ড্ৰোন আৰু ৰ’বট কুকুৰৰ দৰে উচ্চ প্ৰযুক্তিৰ সঁজুলি ব্যৱহাৰ কৰা হৈছিল। প্ৰতিবেদনটোত কোৱা হৈছিল যে এই সমৰসজ্জাই নতুন যুদ্ধ কৌশল আৰু উন্নত সামৰিক প্ৰযুক্তি প্ৰদৰ্শন কৰিছে। 

CGTN-ৰ প্ৰতিবেদনত এই সমৰসজ্জা PLA-ৰ ৭৮ নম্বৰ গ্ৰুপ আৰ্মীৰ এটা ইউনিটে চলাইছিল বুলি স্পষ্টকৈ উল্লেখ আছিল।

  PLA কমাণ্ড ষ্ট্ৰাকছৰ বা গাঁথনি সন্দৰ্ভত অধিক পৰ্যালোচনা কৰিলে দেখা যায় যে ৭৮ নম্বৰ গ্ৰুপ সেনাবাহিনী চীনৰ উত্তৰ থিয়েটাৰ (স্থালসজল, বায়ু-তিনিওটা সেনা বাহনীৰসংগঠন) ৰ অধীনত পৰে। এই গোটটোৰ মুখ্য কাৰ্যালয় হেইলংজিয়াং প্ৰদেশৰ হাৰবিন চহৰত অৱস্থিত আৰু মংগোলিয়া, ৰাছিয়া আৰু উত্তৰ কোৰিয়াৰ সৈতে সীমান্তৱৰ্তী অঞ্চলসমূহ ইয়াৰ দায়িত্বত থাকে। 

অৰুণাচল প্ৰদেশ আৰু ভাৰতৰ সৈতে লাইন অৱ একচুৱেল কণ্ট্ৰোল (LAC) PLA-পশ্চিম থিয়েটাৰ কমাণ্ডৰ অধীনত পৰে, উত্তৰ থিয়েটাৰ কমাণ্ডৰ অধীনত নহয়। এই সমৰসজ্জা সন্দৰ্ভত চীনা চৰকাৰী সংবাদ মাধ্যমৰ প্ৰতিবেদনসমূহত পশ্চিম থিয়েটাৰ কমাণ্ড বা ভাৰত–চীন সীমান্তৰ ওচৰৰ কোনো স্থানৰ উল্লেখ নাই। 

সেয়েহে, অৰুণাচল প্ৰদেশ সীমান্তৰ ওচৰত চীনে বৃহৎ পৰিসৰৰ সামৰিক প্ৰস্তুতি চলাই আছে বুলি দাবী কৰা এই ভাইৰেল পোষ্টটো মিছা বুলি প্ৰতিপন্ন হয়।